গাড়ীখন জব্দ কৰাৰ লগতে চালক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক আটক কৰিছে টীয়ক আৰক্ষীয়ে।
গাড়ীখন জব্দ কৰাৰ লগতে চালক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক আটক কৰিছে টীয়ক আৰক্ষীয়ে।
এইবাৰ নৈশ আইন ভংগকাৰীৰ গাড়ী ধৰিবলৈ আৰক্ষীৰ শন্যলৈ গুলীচালনা। ঘটনাটো সংঘটিত হৈছে টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।
জানিব পৰা মতে AS-05-A-4550 নম্বৰৰ মাৰুতি গাড়ীখন শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত গৌৰিসাগৰ আৰক্ষীৰ নিয়মীয়া তালাচিত ৰখাবলৈ সংকেত দিছিল। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি সেই স্থানৰ পৰা গাড়ীখন তীব্ৰগতিৰে পলায়ন কৰে। এনে কাৰ্যত গৌৰিসাগৰ আৰক্ষীৰ সন্দেহ হোৱাত তাৎক্ষণিক ভাৱে টীয়ক আৰক্ষীক জনায়। টীয়ক আৰক্ষীয়ে ঘটনাটোক লৈ তৎপৰ হোৱাৰ সময়তে কলীয়াপানীৰ ঘাইপথ সংযোগী আন এটা পথেৰে গাড়ীখন পলাবলৈ লওঁতে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে আৰু তেনেসময়তে গাড়ীখনৰ চকা ফুটি ৰৈ যায়।
ইতিমধ্যে গাড়ীখন জব্দ কৰাৰ লগতে চালক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈ নামৰ যুৱকজনক আটক কৰিছে টীয়ক আৰক্ষীয়ে। টীয়ক আৰু গৌৰিসাগৰ আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই কোনোধৰণৰ সন্দেহজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাটোক লৈ তদন্ত অৱ্যাহত ৰাখিছে গৌৰিসাগৰ আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|