মুখ্যপৃষ্ঠা »খবৰ »অসম »‘(a+b)2ৰ ফৰ্মূলা কি? পঢ়াত জিৰ’ প্ৰটেষ্ট কৰিবলৈ আহিছা? লাজ নালাগে?’ – প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক ক্লাছ ল’লে আৰক্ষীয়ে

‘(a+b)2ৰ ফৰ্মূলা কি? পঢ়াত জিৰ’ প্ৰটেষ্ট কৰিবলৈ আহিছা? লাজ নালাগে?’ – প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক ক্লাছ ল’লে আৰক্ষীয়ে

সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলিছে এই ভিডিঅ’টোক লৈ। প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক পাঠ পঢ়ুওৱা এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ–প্ৰতিক্ৰিয়া। আছুসহ বিভিন্ন দল–সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে, ছেবাক ধিক্কাৰ দিছে। এনে সময়তে চৰ্চালৈ আহিছে লখিমপুৰৰ প্ৰতিবাদৰ এটা ভিডিঅ’। প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক ক্লাছ দিলে এজন আৰক্ষীয়ে।

প্ৰতিবাদস্থলীত উপস্থিত হৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰ–ছাত্ৰীক আৰক্ষীয়ে সুধিলে (a+b)2ৰ ফৰ্মূলা। লখিমপুৰৰ নাৰায়নপুৰৰ এই ঘটনাটো।

(a+b)2ৰ ফৰ্মূলা সুধি আৰক্ষীগৰাকীয়ে ছাত্ৰ–ছাত্ৰীসকলক কয়, ‘‘পঢ়াত জিৰ’, প্ৰটেষ্ট কৰিব আহিছা। ভালকে পঢ়িবা, পৰীক্ষা ৰিছিডিউল হ’ব নহয়। ষ্টুডেণ্টে প্ৰটেষ্ট কৰে নেকি? প্ৰটেষ্ট কৰিবলৈ পাব্লিক আছে নহয়, সংগঠন আছে নহয়। লাজ নালাগে তোমালোকৰ প্ৰটেষ্ট কৰিবলৈ। পঢ়াত ধ্যান দে, সূত্ৰ এটা নাজানা উল্টা–পুল্টা বকিবলৈ আহিছ। পঢ়িবি, পঢ়াৰ পিছত জ্ঞান থকা মানুহে ইয়াত প্ৰটেষ্ট নকৰে।’’

সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলিছে এই ভিডিঅ’টোক লৈ। প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীক পাঠ পঢ়ুওৱা এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

শেহতীয়া বাতৰি