• Home
  • »
  • News
  • »
  • assam
  • »
  • Robber Arrested : ধনদাবী, ডকাইতি, বাইক চুৰিৰে কুখ্যাতি অৰ্জা ৩ ম'ষ্ট ৱাণ্টেড ডকাইতক গ্ৰেপ্তাৰ

Robber Arrested : ধনদাবী, ডকাইতি, বাইক চুৰিৰে কুখ্যাতি অৰ্জা ৩ ম'ষ্ট ৱাণ্টেড ডকাইতক গ্ৰেপ্তাৰ

যোৰাবাটত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে

যোৰাবাটত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে

যোৰাবাটত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে

  • Share this:
বৰাক ভেলীৰ মোষ্ট ৱাণ্টেড তিনি ডকাইত পৰিল আৰক্ষীৰ জালত। বৰাক ভেলীত বহু ধনদাবী, ডকাইতি, বাইক চুৰি গোচৰত জড়িত আছিল তিনি ডকাইত (Robber Arrested at Jorabat)।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত ডকাইত কেইজন হৈছে ক্ৰমে কমল ইছলাম ওৰফে লাকৈ, আবুল হুছেইন বৰভূঞা ওৰফে আবু, আনোৱাৰ হুছেইন লস্কৰ ওৰফে অপু।

যোৰাবাটত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰে তিনি ডকাইতক। ইতিমধ্যে শিলচৰ আৰক্ষীয়ে জিম্মাত লৈছে তিনি ডকাইতক। শিলচৰ থানাত ৰুজু হৈ আছে তেওঁলোকৰ বিৰুদ্ধে 1584/22 আৰু 4277/21 নম্বৰত দুটাকৈ গোচৰ।
Published by:Gautam Barman
First published: