মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Teer Mafia Arrested : এইবাৰ আৰক্ষীৰ 'তীৰ' লাগিল লক্ষ্যত, হাতে হাতে পালে নোদোকা 'চিকাৰ', গহপুৰ আৰক্ষীৰ সাফল্য

Teer Mafia Arrested : এইবাৰ আৰক্ষীৰ 'তীৰ' লাগিল লক্ষ্যত, হাতে হাতে পালে নোদোকা 'চিকাৰ', গহপুৰ আৰক্ষীৰ সাফল্য

News18 Assam | News18-Assam
Updated:September 25, 2021, 6:04 PM IST
Teer Mafia Arrested : এইবাৰ আৰক্ষীৰ 'তীৰ' লাগিল লক্ষ্যত, হাতে হাতে পালে নোদোকা 'চিকাৰ', গহপুৰ আৰক্ষীৰ সাফল্য
গহপুৰত ৩ তীৰ মাফিয়া গ্ৰেপ্তাৰ

News18 assam ne and Palash Phukan

  • News18 Assam
  • Last Updated: September 25, 2021, 6:04 PM IST
  • Share this:
তীৰ খেলৰ জৰিয়তে গাঁৱৰ সৰ্ববাধাৰণ লোকৰ তেজ শুহি কমদিনতে অগাধ সম্পত্তিৰ গৰাকী হোৱা "ৰক্তবীজ" সদৃশ গহপুৰ মহকুমাৰ অন্যতম তীৰ মাফিয়া দীপক বৰাৰ  হাতত অৱশেষত লাগিল পুলিচৰ হেণ্ডকাফ। সমগ্ৰ গহপুৰ মহকুমাতে তীৰ খেলৰ অন্যতম প্ৰধান "মেনেজাৰ" তীৰ মাফিয়া দীপক বৰাক এক গোপন সুত্ৰে চলোৱা অভিযানত টেটোন-চাৰিআলিৰ নিজা বাসগৃহৰ পৰা তীৰ খেলত ব্যবহৃত একাধিক বহীসহ গ্ৰেপ্তাৰ কৰে গহপুৰ আৰক্ষীয়ে। দীপক বৰাৰ লগতে দুই সহযোগী ধোপাবৰ কটকীচুকৰ বিমল জ্যোতি বৰদলৈ আৰু ডিপৰা গাঁৱৰ দিলীপ তামুলীকো গ্ৰেপ্তাৰ কৰে।

তীৰ সম্ৰাট দীপক বৰাই তেওঁৰ উক্ত দুই সহযোগীক  লৈ দিনটোৰ তীৰ টিকট বিক্ৰীৰ হিচাপ কৰি থাকোতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া হৰেণ গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ অভিযানকাৰী দলটোৱে। তেওঁলোকৰ বিৰুদ্ধে হেলেম আৰক্ষীয়ে ৪২ /২১ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধীৰ ১২০(বি),৪২০,৩৪ আৰু দা আছাম গেম এণ্ড বেটিং এক্টৰ ১৪/১৫ ধাৰাৰ অধীনত আজি তিনিওকে বিশ্বনাথ জেল-হাজোতলৈ প্ৰেৰণ কৰে।

হেলেম আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈয়ে লোৱা কঠোৰ পদক্ষেক শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে। গহপুৰ মহকুমাৰ পৰা এই তীৰ খেলক সম্পূৰ্ণ ভাবে উৎখাত কৰি তুলিবলৈ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত কঠোৰ দাবী জনাইছে মহকুমটোৰ সচেতন ৰাইজে।

উল্লেখ্য যে গহপুৰ মহকুমাৰ বাকৰী-দলনী, ডাঠকলা, তেলেনী, ঘাঁহিগাও চাৰিআলি,  ডফলাগড়, আমজাৰনি, টেটোনবাৰী, ধোপাবৰ, আমতলা, বৰুৱাপথাৰ, মেইল বজাৰ, ডিপৰা , কটকী চুক, ব্ৰহ্মাজান আদি ঠাইৰ উপৰি ঘগৰাবস্তি, খেৰগেট, ৰাজগড়, খাবৌ চেণ্টাৰ, শুকুৰবৰীয়া বজাৰ, কনিবড়ি আৰু অসম অৰুনাচল সীমান্তৱৰ্তী এলেকাসমূহত দীৰ্ঘদিন ধৰি একাংশ সাধাৰণ লোকক সৰ্বস্বান্ত কৰা তীৰ খেল মুকলি ভাবে চলি আহিছে। সমগ্ৰ বিষয়টো জিলা আৰক্ষী অধীক্ষকৰ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টি আকৰ্ষণ কৰিছে গহপুৰৰ সচেতন ৰাইজে।
Published by: Manjumoni Borah
First published: September 25, 2021, 6:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি