• Home
  • »
  • News
  • »
  • assam
  • »
  • মেটেল ডিটেক্টৰ লৈ চলাই আছিল গুপ্তধনৰ সন্ধান, শিৱসাগৰত নিশা আৰক্ষীৰ জালত ৬

মেটেল ডিটেক্টৰ লৈ চলাই আছিল গুপ্তধনৰ সন্ধান, শিৱসাগৰত নিশা আৰক্ষীৰ জালত ৬

বেতবাৰী ২নং চুমনি গাঁৱত গুপ্তধনৰ সন্ধানত ভূমি খনন কৰিছিল লোককেইগৰাকীয়ে।

বেতবাৰী ২নং চুমনি গাঁৱত গুপ্তধনৰ সন্ধানত ভূমি খনন কৰিছিল লোককেইগৰাকীয়ে।

বেতবাৰী ২নং চুমনি গাঁৱত গুপ্তধনৰ সন্ধানত ভূমি খনন কৰিছিল লোককেইগৰাকীয়ে।

  • Share this:

শিৱসাগৰৰ বেতবাৰী ২নং চুমনি গাঁৱত গুপ্তধনৰ সন্ধানত ভূমি খনন কৰা ছজন লোকক আটক কৰে আৰক্ষীয়ে। সন্দেহবশতঃ গুপ্তধনৰ সন্ধানত নামি সদৰ থানাৰ আলহী হয় তিলেশ্বৰ হীৰা (তেজপুৰ), ভাস্কৰ গগৈ (শিৱসাগৰ),সোণটো শেনচোৱা ( শিৱসাগৰ, দীন চাংমাই ( শিৱসাগৰ) ,বাবুল কোঁৱৰ ( শিৱসাগৰ ) আৰু ভবেন গগৈ ( আমগুৰি দেওৰজা ) ।


গুপ্তধন সন্ধানকাৰীৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মেটেল ডিটেক্টৰ আৰু তন্ত্ৰ মন্ত্ৰ কৰা কৰা কেতবোৰ সা-সামগ্ৰী। ইয়াৰ উপৰি আৰক্ষীয়ে দুষ্ট চক্ৰটোৰ পৰা জব্দ কৰে তিনিখন বাহনো।


নম্বৰ প্লেটবিহীন এখন য়ামাহা এফ জেড বাইক , এখন হোণ্ডা ডিঅ' আৰু AS 04 R 6208 নম্বৰৰ এখন হিৰ' মেছট্ৰ' দলটোৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে। কৰায়ত্ত কৰা দলটোক সদৰ আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি