
গৰু চোৰ
নিশা পথত শুই থকা গৰু বিলাসী বাহনত তুলি উধাও হয় দুই চোৰ এতিয়াও আৰক্ষীৰ জালত
আপোনাৰ পোহনীয়া গৰুকেইটা সন্ধিয়া সময়মতে ঘৰলৈ আহেনে? যদি নাহে আপুনি অলপ চিন্তিত হওঁক। সন্ধিয়াৰ আগতেই ঘৰলৈ লৈ আহক আপোনাৰ গৰুকেইটা। নহ’লে কেতিয়া গোহালীৰ গৰু গৈ চাফাৰীত উঠিব তাৰ ঠিকনা নাই! হয়, উজনিত ভিভিআই পি গৰু চোৰৰ সন্ত্ৰাস! দেখাত সাধাৰণ যেন লাগিলেও ফটোত দেখা দুই যুৱকৰ কাণ্ড কাৰখানাই আপোনাৰ চকু কঁপালত তুলিব। টীয়কত আৰক্ষীৰ জালত এই দুই গভাইত চোৰ পৰাৰ পিছতে পোহৰলৈ আহিছে তেওঁলোকৰ কু–কৰ্ম। এই দুই চোৰে গৰু চুৰি কৰিবলৈ ব্যৱহাৰ কৰে বিলাসী টাটা চাফাৰী বাহন।সুবিধা পালেই নিশা পথত শুই থকা গৰু বিলাসী বাহনত তুলি উধাও হয় দুই চোৰ। লগত আছে আৰু দুই সহযোগী।টীয়ক আৰক্ষীৰ জালত পৰাৰ পৰা কোনোমতে দুটা চোৰ সাৰি যায় পলায়ন যদিও দেওবাৰে পুৱতি নিশা আৰক্ষীৰ জালত পৰে টীয়কৰ লাহদৈগড়ৰ মহম্মদ ইদ্ৰিছ আলী আৰু যোৰহাট কেন্দুগুৰিৰ পাপু শইকীয়া নামৰ গৰু চোৰ দুটা। টীয়কৰ হাঁহচৰা অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চাৰিটা চোৰে গৰু চুৰিৰ পৰিকল্পনা কৰি থকাৰ বিষয়ে আৰক্ষীয়ে গোপন সূত্ৰে খবৰ লাভ কৰি অভিযান চলাই দুই চোৰক কৰায়ত্ব কৰাৰ লগতে জব্দ কৰে গৰু চুৰি কাৰ্যত ব্যৱহৃত গৰু পঘা, বাল্টিং আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ লগতে AS-01- AH-2121 নম্বৰৰ এখন বিলাসী বাহন। দীৰ্ঘ দিনৰ পৰাই এই গৰু চোৰৰ দলটোৱে শিৱসাগৰ আৰু যোৰহাট জিলাত নিশাৰ ভাগত বিলাসী বাহনত পথত থকা গৰু তুলি নি শিৱসাগৰত বিক্ৰী কৰি অহাৰ কথা কেমেৰাৰ আগত স্বীকাৰ কৰিছে।
চাওক এই ভিডিঅ’:
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|