• Home
  • »
  • News
  • »
  • assam
  • »
  • ছাত্ৰক প্ৰহাৰ কৰাৰ বাবেই আৰক্ষীয়ে আটক কৰিলে শিক্ষকক, শিক্ষকৰ প্ৰহাৰত আহত হোৱা ছাত্ৰক চিকিৎসালয়ত ভৰ্তি

ছাত্ৰক প্ৰহাৰ কৰাৰ বাবেই আৰক্ষীয়ে আটক কৰিলে শিক্ষকক, শিক্ষকৰ প্ৰহাৰত আহত হোৱা ছাত্ৰক চিকিৎসালয়ত ভৰ্তি

আহত ছাত্ৰৰ পৰিয়ালৰ লোকে শিক্ষকৰ ওপৰত থানাত দাখিল কৰিলে এজাহাৰ ৷ শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰই ভুগিছে প্ৰস্ৰাৱ ত্যাগ কৰোতে বিষ অনুভৱ হোৱাৰ সমস্যাত ৷

আহত ছাত্ৰৰ পৰিয়ালৰ লোকে শিক্ষকৰ ওপৰত থানাত দাখিল কৰিলে এজাহাৰ ৷ শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰই ভুগিছে প্ৰস্ৰাৱ ত্যাগ কৰোতে বিষ অনুভৱ হোৱাৰ সমস্যাত ৷

আহত ছাত্ৰৰ পৰিয়ালৰ লোকে শিক্ষকৰ ওপৰত থানাত দাখিল কৰিলে এজাহাৰ ৷ শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰই ভুগিছে প্ৰস্ৰাৱ ত্যাগ কৰোতে বিষ অনুভৱ হোৱাৰ সমস্যাত ৷

  • Share this:
ছাত্ৰক প্ৰহাৰ কৰাৰ বাবেই আৰক্ষীয়ে আটক কৰিলে শিক্ষকক ৷ বিদ্যালয় চলি থকা সময়ত দুজন ছাত্ৰৰ মাজত হৈছিল কাজিয়া ৷ তাতে ক্ষুব্ধ হৈ পৰা শিক্ষকে কাজিয়া ভাঙি  এজন ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ উঠিছে অভিযোগ। শিক্ষকৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হোৱা ছাত্ৰক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত ৷ ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত ৷

বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ আফচাৰ আলী আৰু অনুপম ডুংৰীৰ মাজত হৈছিল কাজিয়া ৷ মোস্তাফিজুৰ হ'ক নামৰ বিদ্যালয়খনৰ শিক্ষকজনে দুয়োৰে মাজৰ কাজিয়া ভাঙি বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ অনুপম ডুংৰী নামৰ ছাত্ৰজনক প্ৰহাৰ কৰাৰ ফলত ছাত্ৰজন গুৰুতৰ ভাৱে আহত হয় ৷

আহত বাঘমাৰী চাহ বাগিছাৰ নিবাসী অনুপম ডুংৰী নামৰ ছাত্ৰজনক বৰগাং মডেল হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও শনিবাৰে নিশা উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ৷ শিক্ষকৰ প্ৰহাৰত গুপ্তাংগত আঘাত পোৱা ছাত্ৰজনে ভুগিছে প্ৰস্ৰাৱৰ সমস্যাত ৷

আহত ছাত্ৰজনে প্ৰস্ৰাৱ ত্যাগ কৰোতে বিষ অনুভৱ কৰাৰ কথা ছাত্ৰজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ আনহাতে ঘটনা সংঘটিত হোৱাৰ পিছতেই শিক্ষক মুস্তাফিজুৰ হ'কৰ বিৰুদ্ধে জিনজিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ পৰিয়ালে ৷ ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জিনজিয়া আৰক্ষীয়ে  শিক্ষক মুস্তাফিজুৰক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইফালে শিক্ষক মুস্তাফিজুৰ হ'কে ছাত্ৰজনক প্ৰহাৰ কৰাৰ ঘটনা অস্বীকাৰ কৰিছে ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি