• Home
  • »
  • News
  • »
  • assam
  • »
  • পেট্ৰ’ল ঢালি পত্নী-পুত্ৰক জ্বলাই দিয়া ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ, স্থানীয় লোকে ঘেৰাও কৰিলে আৰক্ষী চকী

পেট্ৰ’ল ঢালি পত্নী-পুত্ৰক জ্বলাই দিয়া ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ, স্থানীয় লোকে ঘেৰাও কৰিলে আৰক্ষী চকী

পত্নী আৰু সন্তানক নৃশংস ভাৱে হত্যা কৰি পলায়ন কৰা পাষাণ পিতৃ ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে।

পত্নী আৰু সন্তানক নৃশংস ভাৱে হত্যা কৰি পলায়ন কৰা পাষাণ পিতৃ ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে।

পত্নী আৰু সন্তানক নৃশংস ভাৱে হত্যা কৰি পলায়ন কৰা পাষাণ পিতৃ ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে।

  • Share this:
পত্নী আৰু সন্তানক নৃশংস ভাৱে হত্যা কৰি পলায়ন কৰা পাষাণ পিতৃ ৰফিকুল ইছলামক অৱশেষত গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে। মৰিগাঁও জিলাৰ মৈৰাবাৰীত আত্মগোপন কৰি থকা ৰফিকুলক নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে, শুকুৰবাৰে পুৱা ৰফিকুলে পত্নী আৰু দুই সন্তানৰ শৰীৰত পেট্ৰ’ল ঢালি জ্বলাই দিছিল। এই  ঘটনাত ৰফিকুলৰ পত্নী মিনাৰা বেগম আৰু কন্যা জেচমিন বেগমে কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল। ইয়াৰ বিপৰীতে ৰফিকুলৰ আন এটি সন্তান চিৰাজুল ইছলাম অগ্নিদগ্ধ হৈ বৰ্তমান নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিত্‍সাধীন হৈ আছে।

আনহাতে ৰফিকুলক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে শনিবাৰে বিয়লি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকী ঘেৰাও কৰে মোল্লাপট্টিৰ একাংশ লোকে। ৰফিকুলক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ দাবীৰে ৰাইজে উত্তাল প্ৰতিবাদ স্যাবস্ত কৰে। পিছত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ অভিযুক্ত ৰফিকুল ইছলামক কঠোৰ শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে উত্তেজিত জনতাক।
Published by:Himangshu Bhuyan
First published: