উৰুকাৰ নিশা বঙাইগাঁৱত অখিল গগৈৰ মুক্তিৰ দাবীত অনশন, আৰক্ষীয়ে চোঁচৰাই নিলে প্ৰতিবাদকাৰীক

এবছৰৰো অধিক সময় জে’লতে আছে কৃষক নেতা অখিল গগৈ। কেইদিনমান পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়েও নাকচ কৰিছে কৃষক নেতা জনৰ জামিন আবেদন।
এবছৰৰো অধিক সময় জে’লতে আছে কৃষক নেতা অখিল গগৈ। কেইদিনমান পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়েও নাকচ কৰিছে কৃষক নেতা জনৰ জামিন আবেদন।
- News18 Assam
- Last Updated: January 14, 2021, 9:49 AM IST
ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে অখিল গগৈৰ মুক্তিৰ দাবীত আন্দোলন প্ৰতিবাদ। তাৰ মাজতে উৰুকাৰ নিশা বঙাইগাঁৱৰ বইটামাৰীত ঘটিল অঘটন ৷ অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদত বহা সমৰ্থকক চোঁচৰাই নিলে আৰক্ষীয়ে ৷
উৰুকাৰ দিনা অখিল গগৈৰ মুক্তিৰ দাবীত বইটামাৰীৰ তালগুৰীত ৪৮ ঘন্টীয়া অনশনৰ কাৰ্যসূচী হাতত লৈছিল অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজ নামৰ সংগঠনটোৱে । অনশন চলি থকাৰ মাজতে সন্ধিয়া জিলাখনৰ বইটামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি নিয়ে ৷