ৰাজ্যত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ ২০১৯-২০ বৰ্ষত সংঘটিত ঈশান উদয় বৃত্তিৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ মিনহাজুল হকক ৷ মিনহাজুল হকৰ ঘৰ বৰপেটাৰ (Barpeta) দামালঝাৰ গাঁৱত ৷
মিনহাজুল হকৰ পৰা আৰক্ষীয়ে এটা পেনড্ৰাইভ, ২৮ খনকৈ বিভিন্ন বেংকৰ পাছবুক, বিভিন্ন বেংকৰ ৬ খনকৈ চেকবুক, নোটবুক, বিভিন্ন লোকৰ পানকাৰ্ড, ভোটাৰ কাৰ্ডৰ জেৰ'ক্স' ক'পীৰ লগতে আন কেতবোৰ সামগ্ৰী জব্দ কৰে।
বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই জনোৱা মতে মিনহাজুল হক ৰাজ্যৰ কেইবাখনো জিলাত সংঘটিত ঈশান উদয় কেলেংকাৰিৰ সৈতে জড়িত ৷
উল্লেখ্য যে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ জৰিয়তে মেধাৰ ভিত্তিত স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰি থকা দুখীয়া ছাত্ৰ–ছাত্ৰীসকলক প্ৰদান কৰা ঈশান উদয় বৃত্তিৰ নামত সংঘটিত হৈছিল কেলেংকাৰি (massive scam in the UGC’s Ishan Uday Scholarship) ৷
ঈশান উদয় কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাৰ লগতে আন দুই অভিযুক্তক গ্ৰেপ্তাৰৰ প্ৰায় ডেৰ বছৰ পিছত মুল অভিযুক্ত মিনহাজুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
Published by: Gautam Barman
FIRST PUBLISHED : May 31, 2022, 22:08 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।