মুখ্যপৃষ্ঠা »খবৰ »অসম »বঙাইগাঁৱত আটক প্ৰধান শিক্ষক, স্কুলৰ ধন আত্মসাতৰ অভিযোগ

বঙাইগাঁৱত আটক প্ৰধান শিক্ষক, স্কুলৰ ধন আত্মসাতৰ অভিযোগ

নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰৰ ঘৰত আত্মগোপন কৰিছিল।

নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰৰ ঘৰত আত্মগোপন কৰিছিল।

নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰৰ ঘৰত আত্মগোপন কৰিছিল।

  • Share this:

ছাত্র-ছাত্ৰীৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ'ল বঙাইগাঁও জিলাৰ  সন্তোষপুৰ এম ভি স্কুলৰ  প্ৰধান শিক্ষক আজগৰ আলী। আৰক্ষীয়ে অভিযান চলাই নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰে পলাতক প্ৰধান শিক্ষক আজগৰ আলীক।


বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল, ইউনিফৰ্ম, বিদ্যালয়ৰ আন্ত:গাঁথনি আদিৰ আবন্টিত ধন আত্মসাতৰ অভিযোগ উত্থাপন হৈছিল প্ৰধান শিক্ষকজনৰ  বিৰুদ্ধে। প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে প্ৰায় ৮ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ 


বঙাইগাঁও জিলা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাৰ এজাহাৰৰ ভিত্তিত  ভাৰতীয় দণ্ডবিধিৰ  ৪২০/৪০৯ ধাৰাত মেৰেৰচৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান। সম্প্ৰতি আৰক্ষীয়ে শিক্ষকজনক জেৰা অব্যাহত ৰাখিছে ৷ 

শেহতীয়া বাতৰি