আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত কৰিছিল ধন সংগ্ৰহ, গ্ৰেপ্তাৰ হ’ল জলসিঞ্চনৰ কৰ্মচাৰী

চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে
চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে
- News18 Assam
- Last Updated: September 21, 2020, 9:51 PM IST
এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। নিবনুৱাক আৰক্ষী বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে। মহিলা কৰ্মচাৰীগৰাকীৰ নাম যুগনী ব্ৰহ্ম। জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক হিচাপে কৰ্মৰত মহিলাগৰাকীক সোমবাৰে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে।
মহিলাগৰাকীয়ে SI পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক চাকৰি দিয়াৰ প্ৰলোভন দিছিল। বিশেষ সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক ৷ উলুবাৰীৰ জলসিঞ্চন ক’লনীৰ পৰা গ্ৰেপ্তাৰ কৰি মহিলাগৰাকীক বৰ্তমান গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱাবলৈ নিয়া হৈছে। ইতিমধ্যে মহিলাগৰাকীয়ে বহু প্ৰাৰ্থীৰ লগত যোগাযোগ থকাৰ তথ্য পাইছে আৰক্ষীয়ে ৷