• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া বিদ্বেষী অৰবিন্দ সিঙৰ দৰ্পচূৰ্ণ! অৱশেষত কাণত ধৰি অসমবাসীৰ ওচৰত খুজিলে ক্ষমা, ক'লে- জয় আই অসম

অসমীয়া বিদ্বেষী অৰবিন্দ সিঙৰ দৰ্পচূৰ্ণ! অৱশেষত কাণত ধৰি অসমবাসীৰ ওচৰত খুজিলে ক্ষমা, ক'লে- জয় আই অসম

অসমতে অসমীয়াক ভাবুকি দিয়া অৰবিন্দ সিঙক অৱশেষত গ্ৰেপ্তাৰ।

অসমতে অসমীয়াক ভাবুকি দিয়া অৰবিন্দ সিঙক অৱশেষত গ্ৰেপ্তাৰ।

অসমতে অসমীয়াক ভাবুকি দিয়া অৰবিন্দ সিঙক অৱশেষত গ্ৰেপ্তাৰ।

  • Share this:
'অলপ ভুল বুজাবুজি হ'ল। মই এতিয়া ক্ষমা বিচাৰিছো। ভৱিষ্যতে মোৰ মুখৰ পৰা এনেধৰণৰ কথা আৰু কেতিয়াও নোলায়। জয় আই অসম।'- এনেদৰে অৱশেষত ক্ষমা খুজিলে অসমতে অসমীয়াক ভাবুকি দিয়া অৰবিন্দ সিঙে।

যোৱা ৩১ মাৰ্চত তিনিচুকীয়া চহৰত এগৰাকী যুৱকক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে অসমীয়া ভাষাৰ সন্দৰ্ভত অতি আপত্তিজনক মন্তব্য কৰিছিল অৰবিন্দ সিঙে। আনকি ছচিয়ে মিডিয়াতো ভাইৰেল হৈ পৰিছিল অৰবিন্দৰ অসমীয়া ভাষা বিদ্বেষী মন্তব্য।গৰাকী ডেলিভাৰী বয়ে অসমীয়াত এষাৰ কথা কওতেই অতি অশ্লীল ভাষাৰে গালি পাৰিছিল অৰবিন্দ সিঙে।

পিছত ঘটনাৰ  সংক্ৰান্তত আৰক্ষী চকীত গোচৰ দিছিল অংকিত দে নামৰ ভুক্তভোগী যুৱকজনে। তাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল অৰবিন্দ সিঙৰ বিৰুদ্ধে। কিন্তু গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আত্মগোপন কৰি আছিল অসমীয়া বিদ্বেষী অৰবিন্দই। কিন্তু অৱশেষত দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অৰবিন্দ সিঙক।
Published by:Himangshu Bhuyan
First published: