চোৰাং গৰু ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে হোজাই আৰক্ষী। ২৪টা গৰু জব্দ কৰাৰ লগতে ৫জনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বুধবাৰে সন্ধিয়াৰ ভাগত মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই ছটা চোৰাং গৰু জব্দ কৰে। চোৰাং গো-ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত দুজন লোককো আটক কৰে আৰক্ষীয়ে। মোৰাঝাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত ফুকনৰ নেতৃত্বত আৰক্ষীয়ে চলোৱা অভিযানত এন্ধাৰৰ সুযোগ লৈ গাঁওখনৰ মাজেৰে দুজন লোকে ছটা গৰু পাৰ কৰা অৱস্থাত এই কাৰ্য ধৰা পেলাই অভিযানকাৰী দলটোৱে।
আনহাতে ডবকাতো আৰক্ষীয়ে জব্দ কৰিছে ১৮টাকৈ গৰু ৷ গ্ৰেপ্তাৰ কৰে তিনিজনক। ডবকা থানাৰ আৰক্ষী বিষয়া অমৰিত সিঙৰ নেতৃত্বত চলে এই অভিযান ৷ আৰক্ষীৰ সূত্ৰ মতে চোৰাং ব্যৱসায়ীয়ে গৰুকেইটা বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।
ইপিনে নিজৰ পোহনীয়া গৰু বিক্ৰী কৰিবলৈ সামাজিক মাধ্যমযোগে বিজ্ঞাপন দিছে আন একাংশ লোকে ৷ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে গৰু বিক্ৰী কৰিব খোজা একাংশ লোকৰ বিজ্ঞাপন৷ গৰু কিনা–বেচাৰ ক্ষেত্ৰত আৰক্ষী সৰৱ হোৱাৰ পিছত বিপদত পৰিছে একাংশ গোপালক৷ বিপদৰ সময়ছোৱাত গৰুটো বিক্ৰী কৰি পৰিয়ালটো পোহপাল দিয়াৰ কথা চিন্তা কৰাসকল এতিয়া আশংকাত ভুগিছে ৷ একাংশ চোৰাং ব্যৱসায়ীয়ে গৰু সৰবৰাহ কৰাৰ বাবেই বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ গো–পালকসকলৰ মাজত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|