মুম্বাইৰ পৰা আহি অসমত চলোৱা চুপাৰি ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড দীপক অৰ্জন দাস চাধৱানী পৰিছে সৰুপথাৰ আৰক্ষীৰ জালত ৷ গোপন সূত্ৰৰ ভিত্তিত সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে মেঘালয় আৰক্ষীৰ সহযোগত ৰিভয় জিলাৰ নংফুৰ পৰা গুৱাহাটীৰ উদালবাক্ৰা নিৱাসী নয়ন ঘোষ, মালিগাঁও বুৰীপাৰাৰ টনী কুমাৰ আৰু মুম্বাইৰ দীপক অৰ্জনদাস চাধৱানীক গ্ৰেপ্তাৰ কৰে৷
উল্লেখযোগ্য যে যোৱা ২২ জুনত সৰুপথাৰ সীমান্তৰ নাওঘাটৰ এটা ইটাভাতাৰ পৰা দুখন ট্ৰাকেৰে প্ৰায় ৬০০ বস্তা বাৰ্মিজ চুপাৰি কঢ়িয়াই অনা দুখন ট্ৰাক জব্দ কৰিছিল, যাৰ মূল্য প্ৰায় ১ কোটি টকা আছিল (Supari syndicate in Sarupathar)।
উক্ত ঘটনাটোৰ সৈতে জড়িত আছিল আটকাধীন লোককেইজন ৷ উল্লেখযোগ্য যে উক্ত বাৰ্মিজ চুপাৰি অসম হৈ কলকাতালৈ সৰবৰাহ হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ তদুপৰি আটকাধীন নয়ন ঘোষ পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগত।
তাৎপর্যপূর্ণ কথা এই যে চুপাৰি মাফিয়াৰ অন্যতম মাষ্টাৰমাইণ্ড নয়ন ঘোষৰ সৈতে অসমৰ এগৰাকী জনপ্ৰিয় তথা বিতৰ্কিত গায়িকাৰ আছে অতি ঘনিষ্ঠ সম্পৰ্ক। মেঘালয়ৰ পৰা সৰুপথাৰ আৰক্ষীয়ে ''ৰজা''ক আটক কৰাৰ পিছতেই গুৱাহাটীৰ পৰা ধপলিয়াই সৰুপথাৰ আৰক্ষী থানা পালেহি "ৰাণী"।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|