মুখ্যপৃষ্ঠা »খবৰ »অসম »ড্ৰাগছ মাফিয়া ধৰাই দিয়াৰ বাবে গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা গৃহৰক্ষী জোৱানক! তদন্তত নামিল আৰক্ষী

ড্ৰাগছ মাফিয়া ধৰাই দিয়াৰ বাবে গাড়ীৰে খুন্দিয়াই হত্যাৰ চেষ্টা গৃহৰক্ষী জোৱানক! তদন্তত নামিল আৰক্ষী

জোৱান ছাইদুল ইছলামৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ আৰক্ষী বিভাগে গ্ৰহণ কৰিছে।

জোৱান ছাইদুল ইছলামৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ আৰক্ষী বিভাগে গ্ৰহণ কৰিছে।

  • Share this:

ড্ৰাগছ মাফিয়াই পৰিকল্পিতভাৱে পথ দুৰ্ঘটনা সংঘটিত কৰি গৃহৰক্ষী জোৱান ছাইদুল ইছলামক প্ৰাণে মৰাৰ চেষ্টা  চলোৱা ঘটনাৰ তদন্ত কৰিবলৈ আজি বটদ্ৰৱাত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।


উল্লেখ্য যে ছাইদুল ইছলাম নামৰ গৃহৰক্ষী জোৱানজনে সাহসিকতাৰে ড্ৰাগছসহ কেইবাটাও কুখ্যাত ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰাত আৰক্ষীক বিশেষভাৱে সহায় কৰাৰ লগতে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীক তথ্য যোগান ধৰি সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল।


কিন্তু বুধবাৰে জোৱানজন নিজৰ কৰ্তব্য সামৰি মটৰচাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা AS01KC 5034 নম্বৰৰ মালবাহী এখন টাটা মেজিকে খুন্দিয়াই প্ৰাণে মৰাৰ চেষ্টা চলাইছিল৷ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱানজনক উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ ঘটনা সংক্ৰান্তত  আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি এক গোচৰ ৰুজু কৰে ৷


 আজি  নগাওঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বটদ্ৰৱাত উপস্থিত হৈ ঘটনাত জড়িত থকা কোনো ব্যক্তিক সাৰি যাবলৈ নিদিয়াৰ কথা উল্লেখ কৰে।  লগতে জোৱানজনৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ আৰক্ষী বিভাগে গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।ইফালে গৃহৰক্ষী জোৱান ছাইদুল ইছলামক  সাহসিকতাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

শেহতীয়া বাতৰি