মুখ্যপৃষ্ঠা » খবৰ

» অসম

»হত্যাকাৰীৰ সন্ধান দি লৈ যাওক ১লাখ ২৫হাজাৰ টকা! কুমাৰপাৰা কাণ্ডক লৈ আৰক্ষীৰ অফাৰ

হত্যাকাৰীৰ সন্ধান দি লৈ যাওক ১লাখ ২৫হাজাৰ টকা! কুমাৰপাৰা কাণ্ডক লৈ আৰক্ষীৰ অফাৰ

News18-Assam
Updated:September 17, 2019, 11:35 AM IST
হত্যাকাৰীৰ সন্ধান দি লৈ যাওক ১লাখ ২৫হাজাৰ টকা! কুমাৰপাৰা কাণ্ডক লৈ আৰক্ষীৰ অফাৰ
ৰাইজৰ সহায় বিচাৰিলে নিৰুপায় আৰক্ষীয়ে।

ৰাইজৰ সহায় বিচাৰিলে নিৰুপায় আৰক্ষীয়ে।

  • News18 Assam
  • Last Updated: September 17, 2019, 11:35 AM IST
  • Share this:
ভাস্কৰ জ্যোতি হাজৰিকা, ৰিপ’ৰ্টাৰঃ যেন পূজাৰ বতৰত বাম্পাৰ অফাৰ! হত্যাকাৰীৰ সন্ধান উলিওৱাত নিৰুপায় হৈ হাত দাঙি মহানগৰ আৰক্ষীয়ে ৰাইজৰ সহায় বিচাৰি ঘোষণা কৰিছে ধনৰ উপহাৰ! কুমাৰপাৰাৰ দোকানৰ কৰ্মচাৰী হত্যাকাৰীৰ শুংসূত্ৰ উলিওৱাত ব্যৰ্থ মহানগৰ আৰক্ষী। হত্যাকাৰীৰ সন্ধান দিওতালৈ ১লাখ ২৫হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মহানগৰ আৰক্ষী। ৫ দুৰ্বৃত্তক ম'ষ্ট ৱাণ্টেড ঘোষণা কৰি মহানগৰ আৰক্ষীৰ প্ৰকাশ কৰিলে ফটো।কুমাৰপাৰা হত্যাকাণ্ডৰ দুৰ্বৃত্তৰ স্পষ্ট ফটো প্ৰকাশ আৰক্ষীৰ ৷

 

দুৰ্বৃত্তক Most Wanted ঘোষণা মহানগৰ আৰক্ষীৰ ৷ সন্ধান দিওতালৈ ২৫ হাজাৰকৈ টকাৰ পুৰষ্কাৰ ঘোষণা৷ দুৰ্বৃত্তক দেখিলেই +918474077791 আৰু +919435343273 নম্বৰত খবৰ দিবলৈ আহ্বান আৰক্ষীৰ ৷ খবৰ দিওতাৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব আৰক্ষীয়ে ৷এজন দুৰ্বৃত্তৰ খবৰত ২৫ হাজাৰকৈ ৫ জন দুৰ্বৃত্তৰ বাবে ১ লাখ ২৫ হাজাৰ ঘোষণা ৷ দিনৰ পোহৰতে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল শ্যাম সুন্দৰ ৰাটাৱা নামৰ ব্যৱসায়ীজনক ৷
First published: September 16, 2019, 7:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি