'ভাষাটো যিকোনো প্ৰকাৰে জীয়াই ৰাখিব লাগিব। সৰ্বোচ্চ ত্যাগ কৰি অসমীয়া ভাষা জীয়াই ৰাখিব লাগিব। ভাষাটো নাথাকিলে মানুহ নাথাকে, মানুহ নাথাকিলে মাটি নাথাকে। মাটি নাথাকিলে স্বকীয়তা নাথাকে।'- বৃহস্পতিবাৰে থোকাথুকি মাতেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমীয়া ভাষা ৰক্ষা কৰিবলৈ এনেদৰে আহ্বান জনালে কাব্যঋষি নীলমণি ফুকনে।
বৃহস্পতিবাৰে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি বিশিষ্ট কবিগৰাকীৰ মালিগাঁওস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। উত্তৰ প্ৰদেশৰ পৰা উভতি আহিয়ে জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকনক সাক্ষাৎ কৰিবলৈ তেখেতৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।
কবি নীলমণি ফুকনক সাক্ষাৎ কৰি জ্ঞানপীঠ বঁটাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে নীলমণি ফুকনৰ স্বাস্থ্যৰো বুজ লয়। বৰ্তমান কবিগৰাকীৰ স্বাস্থ্য ভাল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, তেওঁ মোৰ সৈতে খুব সুন্দৰভাৱে কথা পাতিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|