অসমৰ এগৰাকী বিখ্যাত কবি ঋষিতুল্য নীলমণি ফুকনে আজি পুৱা ১১ বাজি ৫৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ ৮৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয়।
নীলমণি ফুকনে তেওঁৰ সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰিছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে বিভিন্ন সন্মানেৰে নীলমণি ফুকনক সন্মানিত কৰা হৈছিল। তেওঁৰ দ্বাৰা ৰচিত ‘কবিতা’ৰ বাবে তেওঁক ১৯৮১ চনৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
ইয়াৰোপৰি, ১৯৯০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল। পিছত ১৯৯৭ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। লগতে ২০২১ চনৰ ডিচেম্বৰ মাহত ২০২০ বৰ্ষৰ বাবে প্ৰসিদ্ধ কবি আৰু লেখক নীলমণি ফুকনে সাহিত্যত তেওঁৰ জীৱনজোৰা অৱদানৰ বাবে সন্মানীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 19, 2023, 19:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।