৩ ডিচেম্বৰ ২০২০ ! মহানগৰীৰ খানাপাৰাৰ পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ পৰা মণ্টু বড়ো নামৰ এজন গ্ৰাহকে ক্ৰয় কৰিছিল মাৰুটি চেলেৰিও VXI বাহন ৷ পিছে, পোড্ডাৰ কাৰ ৱৰ্ল্ডৰ পৰা ক্ৰয় কৰা বাহনখন আছিল মেৰামেতি কৰা পুৰণি বাহন ৷ বাহনখনৰ বিভিন্ন স্থানত থকা ক্ষয় ক্ষতি গ্ৰাহকৰ চকুত নপৰাকৈ লগাইছিল ৰং ৷ আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ আনিছিল প্ৰতিষ্ঠানটোৰ পৰা গাড়ী ক্ৰয় কৰা গ্ৰাহক মণ্টু বড়োৱে।
আনকি ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ভুক্তভোগী গ্ৰাহকে ৰুজু কৰিছিল এক গোচৰ ৷ আৰু এই ঘটনাৰ তদন্ত চলি থকাৰ মাজতে সোমবাৰে খানাপাৰাৰ পোড্ডাৰ কাৰ ৱৰ্ল্ডত উপস্থিত হয় কামৰূপ মহানগৰ জিলা MVI, Enforcementৰ বিষয়া গৌতম দাসসহ জিলা পৰিবহণ বিষয়াৰ এটা দল ৷
অভিযানকাৰী দলটোৱে তন্ন তন্নলৈ গাড়ীৰ ডিলাৰটোত অভিযান চলাই বাতিল কৰে অনুজ্ঞাপত্ৰ ৷ লগতে তদন্ত সম্পন্ন নহোৱা পৰ্যন্ত কোনো কাৰণতে ডিলাৰ খুলিব নোৱাৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷
নিউজ 18ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল এই বাতৰি ৷ আৰু তাৰ পাছতে অবশেষত চকু মেল খালে প্ৰশাসনৰ ৷ প্ৰশ্ন হৈছে, কিমান দিনৰ পৰা গাড়ী বিক্ৰী কৰা প্ৰতিষ্ঠানটোৱে গ্ৰাহকক নতুন গাড়ী বিক্ৰী কৰাৰ কৰাৰ নামত কৰি আহিছিল প্ৰৱঞ্চনা? আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|