এই ঘটনাত আহত হয় কনিষ্টবল জুৱেল গগৈও৷ দুয়োকে JMCHত ভৰ্তি কৰোৱা হৈছে৷
বোকাখাতত আৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰীৰ। পানবাৰী ৰিজাৰ্ভ ফৰেষ্টত নিশা সংঘটিত হয় এই ঘটনা৷ মণিপুৰৰ চূড়াচান্দপুৰৰ পৰা ১৩ জুলাইত গ্ৰেপ্তাৰ কৰিছিল জেমী ৰিভলিউচনেৰী আৰ্মীৰ সদস্য তথা গঁড় হত্যাকাৰী থাংগৌসিং ভি খামফৌপ'ক৷ লুকুৱাই থোৱা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চিকাৰীটোক লৈ যোৱাৰ সময়তে আৰক্ষীৰ বন্দুক কাঢ়ি পলোৱাৰ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে। পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলিবিদ্ধ হয় চিকাৰীটো৷ এই ঘটনাত আহত হয় কনিষ্টবল জুৱেল গগৈও৷ দুয়োকে JMCHত ভৰ্তি কৰোৱা হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|