চিৰাঙত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত শিহৰণকাৰী ঘটনা। হাতীৰ দাঁত (Elephant Tusker) বিক্ৰী কৰিবলৈ অহা চোৰাং চিকাৰী (Poacher)য়ে কামুৰি ছিঙিলে অভিযানকাৰী SSB জোৱানৰ দুটা আঙুলি ৷ বন বিভাগ আৰু SSBৰ দলে চোৰাং চিকাৰীৰ বিৰুদ্ধে যৌথ অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ অৱশ্যে অভিযানকাৰী দলটোৱে হাতীৰ হাতসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজন আমটেকাৰ শিমলুগুৰীৰ কিৰণ বৰগয়াৰী ৷
ৰায়মনা ৰাষ্ট্ৰীয় উদ্যোন (Raimona National Park)ৰ বন বিভাগৰ দল আৰু SSBৰ দলে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ আমটেকাত অভিযান চলাইছিল ৷ গ্ৰাহকৰ বেশত গৈ অভিযানকাৰী দলে চোৰাং চিকাৰীটোক কৰায়ত্ত কৰাৰ চেষ্টা চলোৱাৰ সময়তে ঘটিল এই অঘটন ৷ SSB জোৱানৰ দুটাকৈ আঙুলি কামুৰি ছিঙি পলায়নৰ চেষ্টা চলালে চোৰাং চিকাৰীটোৱে ৷ পিছত অভিযানকাৰী দলৰ তৎপৰতাত চোৰাং চিকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
আহত জোৱানজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । অভিযানৰ সময়ত চোৰাং চিকাৰীটোৰ পৰা দুটাকৈ হাতীৰ দাত জব্দ কৰে।