‘শূন্য’ হ’ল নেকি দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতি?
News18-Assam Updated:August 16, 2019, 10:12 PM IST

file photo
ঘোৰ অন্ধকাৰত পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ নিযুক্তিৰ তদন্ত! ৫ মাহে ৰাজহুৱা নহল এজনীয়া তদন্তকাৰী সমিতিৰ প্ৰতিবেদন
- News18 Assam
- Last Updated: August 16, 2019, 10:12 PM IST
বলেন ভট্টাচাৰ্য্য: আকৌ এবাৰ এচামৰ ধনবলৰ জোৰত থমকি ৰ’ব নেকি ৰাজ্যৰ প্ৰকৃত মেধাৰ ভৱিষ্যত! যোগ্যজনক বঞ্চিত কৰি এতিয়াও অবাধ দুৰ্নীতি কৰি ৰাজ্য চৰকাৰে চাকৰি প্ৰদান কৰি থকা বুলি বিভিন্ন মহলে দাবী কৰি থকাৰ সময়তে আকৌ এবাৰ চৰ্চা লাভ কৰিছে ২০১৮ বৰ্ষৰ ৰাজ্য চৰকাৰৰ সৰ্ববৃহত্ নিযুক্তি কেলেংকাৰী বুলি জনাজাত হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰী।
P&RD নিযুক্তিত বিজেপি দলৰ নেতা–কৰ্মীৰ অঙহী–বঙহীয়ে লাভ কৰিছে চাকৰি ! এই সন্দৰ্ভত ৰাজ্য চৰকাৰক তথ্য প্ৰমাণ ডাঙি ধৰিছিল বিভিন্ন দল সংগঠনে ৷ আনকি বিভিন্ন দল–সংগঠনৰ হেঁচাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বাধ্য হৈছিল P&RDৰ তদন্ত ঘোষণা কৰিবলৈ ৷ ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ হাতত অৰ্পণ কৰা হৈছিল এজনীয়া সমিতিৰ তদন্তৰ ভাৰ ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰা এজনীয়া সমিতিৰ তদন্তই অতিক্ৰম কৰিলে ৫ মাহ ৷ কিন্তু ৰহস্যজনকভাবে P&RD নিযুক্তি কেলেংকাৰীৰ প্ৰতিবেদন আজিলৈকে দাখিল নহ’ল।
ইপিনে P&RD ৰ নিযুক্তি অবৈধ বুলি দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল কৃষক নেতা অখিল গগৈয়ে ৷ যি গোচৰৰ ভিত্তিত ইতিমধ্যে মহামান্য আদালতে তিনিবাৰকৈ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ পৰা বিচাৰিছিল শপতনামা , কিন্তু তাৰ পিছতো মন্ত্ৰী নৱ দলেৰ বিভাগে উচ্চ ন্যায়ালয়ৰ দাখিল নকৰিলে শপতনামা ৷ P&RD বিভাগৰ এনে ভূমিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈ।
কেৱল সেয়াই নহয়, চলিত বৰ্ষত অনুষ্ঠিত হোৱা এপিডিচিএলৰ পৰীক্ষা, তথ্য আৰু জনসংযোগৰ নিযুক্তি পৰীক্ষাতো ব্যাপক অনিয়ম হৈছিল বুলি বিভিন্ন মহলে অভিযোগ উত্থাপিত কৰিছিল।