এইবাৰ পঞ্চায়ত-গ্ৰামোন্নয়নত নিযুক্তি কেলেংকাৰী! গ্ৰেপ্তাৰ বিজেপি নেতা ৰাজীৱ পৰাশৰ, বহু তথ্য-পাতি জব্দ

News18 Assam | News18-Assam
Updated:October 17, 2020, 9:57 AM IST
এইবাৰ পঞ্চায়ত-গ্ৰামোন্নয়নত নিযুক্তি কেলেংকাৰী! গ্ৰেপ্তাৰ বিজেপি নেতা ৰাজীৱ পৰাশৰ, বহু তথ্য-পাতি জব্দ
চলি আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত। চি আই ডিৰ জালত পৰিছে বহু ৰৌ বৰালী।

চলি আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত। চি আই ডিৰ জালত পৰিছে বহু ৰৌ বৰালী।

  • Share this:
চলি আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত। চি আই ডিৰ জালত পৰিছে বহু ৰৌ বৰালী। বিজেপি নেতাৰ পৰা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া লৈকে জড়িত আছিল ৰাজ্য কঁপোৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীত। তাৰ মাজতে এতিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা ৰাজীৱ পৰাশৰ।

উল্লেখযোগ্য যে, প্ৰায় দুবছৰৰ পূৰ্বে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সম্পন্ন হৈছিল নিযুক্তি প্ৰক্ৰিয়া। এই নিযুক্তি প্ৰক্ৰিয়াতো ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগত উঠিছিল বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেৰ বিৰুদ্ধেও। মন্ত্ৰীৰ অঙহী-বঙহীয়ে চাকৰি লাভ কৰৰ উঠিছিল বিস্ফোৰক অভিযোগ।  আৰু নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাত ক্ৰাইম ব্ৰান্সে অভিযান চলাই  গুৱাহাটীৰ খ্ৰীষ্টাৰবস্তিৰ অনিল প্লাজাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰাজীৱ পৰাশৰ নামৰ বিজেপি নেতাজনক।  এই লোকজন নিযুক্তি প্ৰক্ৰিয়াত হোৱা অনিয়মত প্ৰত্যক্ষ ভাবে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল।

ইফালে গ্ৰেপ্তাৰৰ লগতে ৰাজীৱৰ ছয় মাইলস্থিত ঘৰত অভিযান চলাই বহু নথি-পত্ৰ, লেপটপ আদি জব্দ কৰিছে।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 9:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading