বিভাগটোৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি একপ্ৰকাৰৰ হুংকাৰ দিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
বিভাগটোৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি একপ্ৰকাৰৰ হুংকাৰ দিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
দুর্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰাপ্ত তথ্য অনুসৰি, পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে দুর্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযােগত শুকুৰবাৰে এক নির্দেশনাযােগে কৰিমগঞ্জ জিলাৰ দুৰ্লভচেৰা উন্নয়ন খণ্ডৰ BDO সৰােজ দাসক চাকৰিৰ পৰা নিলম্বন কৰিছে বিভাগটোৱে।
জানিব পৰা মতে, বিষয়াগৰাকীয়ে এম.জি. এনৰেগা আৰু পি.এম.এ.ৱাই-জি আদি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিত্তীয় অনিয়ম আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে শুকুৰবাৰে বিষয়াগৰাকীক তৎকালীনভাৱে বলবৎ হােৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে।
ইয়াৰোপৰি, দুর্নীতি আৰু কৰ্তব্যত গাফিলতিৰ অভিযােগত বিভাগটোৱে আৰু দুজন কৰ্মচাৰীকো নিলম্বন কৰিছে। পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্তই গােৱৰ্ধনা উন্নয়ন খণ্ডৰ অধীনৰ বনমাজা গাঁও পৰিষদ উন্নয়ন কমিটী (ভি.চি.ডি.চি.)ৰ গ্রাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমান আৰু বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনৰ সত্ৰ কনৰা গাঁও পঞ্চায়তৰ গাঁও পঞ্চায়ত সমন্বয়ক (জি.পি.চি.) প্রহ্লাদ দাসক সুকীয়া নির্দেশযােগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।
মন কৰিবলগীয়া কথা যে, বিভাগটোৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি একপ্ৰকাৰৰ হুংকাৰ দিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ পাছতেই বিভাগটোত সংঘটিত অনিয়ম-দুৰ্নীতিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীক নিলম্বনৰ সিদ্ধান্ত লয়। আনহাতে, বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক নিজৰ নিজৰ দায়িত্ব তথা কৰ্তব্য নিকা আৰু স্বচ্ছতাৰে পালন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে পুনৰবাৰ সকীয়াই দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|