হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত বাক্সাৰ বৰমাত গ্ৰেপ্তাৰ হ’ল পঞ্জাব নেচনেল বেংকৰ শাখা পৰিচালক৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰমাত থকা পঞ্জাব নেচনেল বেংকৰ পৰিচালকজনক৷
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ বলেনচেৰ জিলাৰ ৰিচমল পাল সিং নামৰ লোকজনে ভাৰতীয় সেনাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি যোগদান কৰিছিল বাক্সা জিলাৰ বৰমাৰ পঞ্জাব নেচনেল বেংকৰ শাখা পৰিচালক হিচাপে৷ বেংক বিষয়া ৰিচমল পাল সিঙৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ বলনচেৰ জিলাৰ খুৰজা নগৰৰ ৰশ্মি সিং নামৰ এগৰাকী মহিলা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ বিনোদ সিঙক নিজ গৃহতে হত্যা কৰি বাহিৰৰ পৰা তলা লগাই থোৱাৰ অভিযোগ উত্থাপিত হয়৷
কিছুদিন পিছত হত্যাকাণ্ডৰ ঘটনাটো পোহৰলৈ অহাত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ তদন্তত বৰমা পঞ্জাব নেচনেল বেংকৰ শাখা পৰিচালক ৰিচমল পাল সিঙৰ মৃত মহিলাগৰাকীৰ সৈতে অবৈধ প্ৰেম থকা বুলি জানিব পাৰি বেংক বিষয়া ৰিচমল পালক অপৰাধী হিচাপে অভিযুক্ত কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷
আজি উত্তৰ প্ৰদেশৰ খুৰজা নগৰ আৰক্ষী থানাৰ এটা আৰক্ষীৰ দলে বৰমাত উপস্থিত হৈ বৰমা আৰক্ষী থানাৰ সহযোগত ভাড়া ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি নিলম্বিত কৰা হৈছে বেংক বিষয়া ৰিচমল পাল সিঙক৷ ইতিমধ্যে বৰমাৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে ৰাওনা হৈছে উত্তৰ প্ৰদেশ আৰক্ষী আৰু নিলম্বিত বেংক বিষয়া ৰিচমল পাল সিং৷ বেংক বিষয়া ৰিচমল পাল সিং আৰু নিহত ৰশ্মি সিং নামৰ মহিলাগৰাকীৰ মাজত অবৈধ প্ৰেম থকাৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে৷ ইতিমধ্যে এই ঘটনাক লৈ সমগ্ৰ বৰমা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|