• Home
  • »
  • News
  • »
  • assam
  • »
  • PM Wish Himanta Biswa Sarma: হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সোণোৱালক লৈও মোদীয়ে কৰিলে টুইট।

PM Wish Himanta Biswa Sarma: হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। সোণোৱালক লৈও মোদীয়ে কৰিলে টুইট।

নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত অসমে বিকাশৰ নতুন সোপান ৰচনা কৰিব বুলি শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ।

  • Share this:
অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন মুখ্যমন্ত্ৰীৰ অধীনত অসমে বিকাশৰ নতুন সোপান ৰচনা কৰিব বুলি শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ। এক টুইটযোগে হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা জনালে মোদীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ লগতে শপত লোৱা আন কেবিনেট মন্ত্ৰীসকলকো অভিনন্দন জনালে মোদীয়ে। নিজৰ টুইটত নতুন মন্ত্ৰীসভাই অসমৰ বিকাশক নতুন গতি দিব বুলি মন্তব্য কৰাৰ লগতে অসমবাসীৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলিও আশা কৰে মোদীয়ে।

একে সময়তে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো টুইটযোগে প্ৰশংসা কৰিলে মোদীয়ে।

সোণোৱালক এগৰাকী উন্নয়নমুখী আৰু জনমুখী নেতাৰূপে উল্লেখ কৰি অসমত প্ৰগতিৰ লগতে বিজেপি দলক শক্তিশালী কৰাত সোণোৱালৰ অৱদানৰ মোদীয়ে শলাগ লয়।
Published by:Manjumoni Borah
First published: