এইখন অসমতে আছে প্ৰাচীন কালত দৈত্যগুৰু শুক্ৰাচাৰ্য্য আৰু দৈত্যৰাজ হিৰণ্যকশিপুৱে আৰাধনা কৰা শিৱলিংগ। কিন্তু ৰাজ্যৰ ক'ত আছে এই শিৱলিংগটো? কেনেকৈ পোৱা গৈছে প্ৰাচীন কালৰ শিৱলিংগৰ সন্ধান?
ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এই বৰ্ষতেই মুকলি হ’ব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰ ভক্তৰ বাবে মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্দিৰটো উদ্বোধনৰ লগে লগেই বিশ্বৰ বুকুত উজলি উঠিব অসম তথা নগাঁৱৰ নাম।
দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো মুকলি কৰি দিয়া হ’ব এই বৰ্ষতে। নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ইতিমধ্যে নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰটোৰ।
২০০৪ চনৰ পৰাই বাবা ভৃগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণকাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰ ভাগৰ। এই বৰ্ষৰ মাঘী পূৰ্ণিমাত অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হবলগীয়া ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হোৱাৰ পিছতেই কোনো এটি শুভ ক্ষণত ভক্তৰ বাবে মুকলি কৰি দিব মন্দিৰৰ দুৱাৰ। যাৰ বাবে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ।
ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰটো উদ্বোধন কৰিব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। লগতে প্ৰধানমন্ত্ৰী আগমনৰ বাৰ্তা পাই মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে।
আনহাতে, অনুষ্ঠিত হবলগীয়া ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞত ১৮০ জন তামিল পণ্ডিতৰ লগতে সৰ্বমুঠ ৪০০জন বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিছে। উল্লেখ্য যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত উদ্বোধনী কাৰ্যসূচীৰ বাবে এতিয়া প্ৰস্তুতি তুংগত উঠিছে। আনহাতে মহামৃত্যুঞ্জয় মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|