• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যবাসীলৈ চৰকাৰৰ বিহুৰ বিশেষ উপহাৰ ! ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমত একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল, একেদিনাই আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ...

ৰাজ্যবাসীলৈ চৰকাৰৰ বিহুৰ বিশেষ উপহাৰ ! ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমত একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল, একেদিনাই আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ...

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৷ আনহাতে ২৮ এপ্ৰিলত আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ৷

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৷ আনহাতে ২৮ এপ্ৰিলত আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ৷

২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৷ আনহাতে ২৮ এপ্ৰিলত আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ৷

  • Share this:
২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে মুকলি কৰিব ৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৷ আনহাতে ২৮ এপ্ৰিলত আন ৭ খন নতুন কেঞ্চাৰ হাস্পতালৰো আধাৰশিলা স্থাপন ৷

ৰাজ্যবাসীলৈ ৰাজ্য চৰকাৰৰ ব'হাগ বিহুৰ বিশেষ উপহাৰ ৷ অহা ২৮ এপ্ৰিলত ৰাজ্যৰ ৭ খনকৈ কেঞ্চাৰ হাস্পতাল মুকলি কৰাৰ লগতে ৰাজ্যখনত পুনৰ আন ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হব ৷
আজি বৰপেটাত এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱামতে, ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰপেটা, ডিব্ৰুগড় যোৰহাট, লখিমপুৰ, মঙলদৈ, তেজপুৰ আৰু কোকৰাঝাৰ কেঞ্চাৰ হাস্পতাল মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে আন ৭ খন হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব'হাগ বিহুৰ উপহাৰ হিচাপে ডিব্ৰুগড়ৰ পৰা বৰপেটা কেঞ্চাৰ হাস্পতালৰ লগতে মুঠ ৭ খন কেঞ্চাৰ হাস্পতাল ৰাইজৰ বাবে উচৰ্গা কৰিব ৷ আজি বৰপেটা কেঞ্চাৰ হাস্পতাল পৰিদৰ্শন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷ তেওঁ জনোৱামতে, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, নগাও, নলবাৰী, ধুবুৰী, গোৱালপাৰাত নতুনকৈ স্থাপন কৰিবলগীয়া কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হব ৷ ইপিনে গুৱাহাটী, শিলচৰ, ডিফু কেঞ্চাৰ হাস্পতাল কেইখন অহা এবছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও আশা প্ৰকাশ কেশৱ মহন্তৰ ৷

তাৰোপৰি আমিনগাঁৱত ১০০ বিঘা মাটিত চাউথ এচিয়া কেঞ্চাৰ ইন্সটিটিউট স্থাপনৰো লক্ষ্য ৰাজ্য চৰকাৰৰ ৷ উল্লেখ্য যে, অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত চৌহদ নিৰ্মাণ কৰি থকা হৈছে কেঞ্চাৰ হাস্পতালখনৰ ৷ ইপিনে পৰবৰ্তী সময়ত ৰাজ্যখনত সৰ্বমুঠ ১৭ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণ হৈ উঠিব বুলি সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ইপিনে অহা ২৯ এপ্ৰিলৰ পৰা বৰপেটা কেঞ্চাৰ হাস্পতালত ৰোগীৰ চিকিৎসা আৰম্ভ হব ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত চৌহদত নিৰ্মাণ কৰি থকা কেঞ্চাৰ হস্পিতালখনৰ আন্তঃ গাথনিৰ কাম কাজৰো বুজ লয় স্থাস্থ্য মন্ত্ৰী গৰাকীয়ে৷
ইপিনে কোৰোণাৰ নতুন ভেৰিয়েন্ট মুম্বাই আহি পোৱা বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ ৷
অবশ্যে কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে কঁকালত ভালকৈয়ে টঙালি বন্ধা বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷ ১২ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সৰ সকলোকে  প্ৰায় দুটাকৈ কোৰোণাৰ প্ৰতিষেধকৰ লগতে বহুতকে বুষ্টাৰ ড'জ প্ৰদান কৰাৰ কথা উল্লেখ কৰি ৰাইজৰ সহযোগত কোৰোণাৰ বুৰুদ্ধে যুজিব পৰা যাব বুলি উল্লেখ কৰে স্থাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি