• Home
  • »
  • News
  • »
  • assam
  • »
  • PM Narendra Modi, Assam Flood: অসমৰ বানক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী, টুইট কৰি প্ৰকাশ কৰিলে উদ্বিগ্নতা

PM Narendra Modi, Assam Flood: অসমৰ বানক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী, টুইট কৰি প্ৰকাশ কৰিলে উদ্বিগ্নতা

PM Narendra Modi, Assam Flood: অসমক বান সমস্যাৰে যুঁজিবলৈ সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

PM Narendra Modi, Assam Flood: অসমক বান সমস্যাৰে যুঁজিবলৈ সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

PM Narendra Modi, Assam Flood: অসমক বান সমস্যাৰে যুঁজিবলৈ সকলোধৰণৰ সহায়ৰ আশ্বাস দিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

  • Share this:
অসমৰ বান (Assam Flood)ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে। বিগত কেইবাদিনো বানত ককবকাই থকা ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰো বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। আজি টুইটাৰত নিজৰ চিন্তা প্ৰকাশ কৰি অসমীয়াতে নিজৰ বাৰ্তা প্ৰেৰণ কৰে।

মোদীয়ে কয়, "যোৱা কেইবাদিনো ধৰি প্ৰবল বৃষ্টিপাতৰ পৰিপ্ৰেক্ষিতত অসমৰ ভিন্ন প্ৰান্তত বানপানীৰ উদ্ভৱ হৈছে। কেন্দ্ৰীয় চৰকাৰখনে অবিৰতভাৱে অসমৰ এই পৰিস্থিতি নিৰীক্ষণ আৰু এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।"


প্ৰধানমন্ত্ৰীৰ টুইটৰ পিছতে মোদীক ধন্যবাদ জনাই টুইত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই।


উল্লেখ্য যে ১০ দিনৰো অধিক হ'ল প্ৰলয়ংকৰী বানত ককবকাই আছে অসম। বিশেষকৈ নামনি অসম, বৰাক উপত্যকা আৰু মধ্য অসমত বছৰটোৰ দ্বিতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি