আজি কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ ১১.১৫ বজাত বিশেষ বিমানেৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’ব মোদী। বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে যাব কোকৰাঝাৰলৈ। ১২.৩০ বজাত উপস্থিত হ’ব কোকৰাঝাৰত। কোকৰাঝাৰত মোদীয়ে অংশগ্ৰহণ কৰিব তৃতীয় বড়ো শান্তি চুক্তিৰ আদৰণি উৎসৱত।
কোকৰাঝাৰৰ জাংখৃতাই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই আদৰণি উৎসৱ। এই উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতা–সদস্য, এবছু নেতৃত্বৰ লগতে ৫ লক্ষাধিক লোক।
মোদীৰ আগমনক লৈ কোকৰাঝাৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়ায়ো বুজ লৈছে নিৰাপত্তা ব্যৱস্থাৰ। উল্লেখযোগ্য যে ২৭ জানুৱাৰীত স্বাক্ষৰিত হৈছিল তৃতীয়খন বড়ো শান্তি চুক্তি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|