২৭ জানুৱাৰীত স্বাক্ষৰিত হৈ যোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ পিছত বড়োভূমিলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী৷ ঠিক কৰা হৈছে ৭ ফেব্ৰুৱাৰীৰ দিনটো৷ কোকৰাঝাৰৰ জংক্ৰিথাই পথাৰত ইতিমধ্যে আৰম্ভ কৰা হৈছে প্ৰস্তুতি।
নাম দিয়া হৈছে 'বিজয় উৎসৱ'৷ এই বিজয় উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ NDFBৰ গোবিন্দ বসুমতাৰী, ৰঞ্জন দৈমাৰী, ধীৰেন বড়ো আৰু বি ছাৰাইগৗৰাৰ লগতে এবছুৰ সৈতে বিগত ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বড়ো চুক্তিৰ পিছত সকলোৱে আশা কৰিছে যে বড়ো অধ্যুষিত অঞ্চলত স্থাপন হ'ব স্থায়ী শান্তি৷
প্ৰধানমন্ত্ৰীৰ আগন্তুক কোকোৰাঝাৰ ভ্ৰমণ উপলক্ষে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰপৰ্যন্ত দুবাৰ পৰিদৰ্শন কৰিছে কোকৰাঝাৰ৷ BTCৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে BTC প্ৰশাসন, আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু চোৰাংচোৱা বাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে মিলিত হৈছে বৈঠকত৷
মঙলবাৰে কোকৰাঝাৰৰ জংক্ৰিথাই পথাৰত নিৰ্মীয়মান পেণ্ডেল আৰু অন্যান্য আনুসংগিক কাম-কাজ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, “৭ ফেব্ৰুৱাৰীত নতুন দিল্লীৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে কোকোৰাঝাৰত বিজয় উৎসৱত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী৷”
“প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী তথা বিজয় উৎসৱত সকলোৱে যাতে অংশগ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বড়োভূমিৰ চাৰিওখন জিলাৰ চৰকাৰী কাৰ্যালয় সেইদিনা বন্ধ থাকিব৷ বন্ধ থাকিব বড়োভূমিৰ সকলো স্কুল-কলেজ৷ বিজয় উৎসৱত নিজে উপস্থিত থাকিব নোৱাৰিলেও সকলোৱে যাতে ঘৰতে বহি টিভি চাই বিজয় উৎসৱ উপভোগ কৰিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷ BTCৰ প্ৰশাসনকো তেওঁলোকৰ কাৰ্যালয়সমূহ বন্ধ ৰাখিবলৈ আমি অনুৰোধ কৰিছো”, ক’লে মন্ত্ৰী শৰ্মাই৷
বিজয় উৎসৱৰ তদাৰক কৰা এজন বিষয়াই সদৰি কৰা মতে, ৭ ফেব্ৰুৱাৰীত অতি কমেও পাঁচ লাখ ৰাইজে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|