অহা ২৩ জানুৱাৰীত শিৱসাগৰ ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন জনসভাত দুই লাখ লোকক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনক এতিয়া যুদ্ধকালীন প্ৰস্তুতি ঐতিহাসিক জেৰেঙা পথাৰত। জয়মতী স্মৃতি বিজড়িত পথাৰখনত প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্মাণ কৰি থকা হৈছে তিনিখন হেলিপেড। আন এখন হেলিপেড নিৰ্মাণ কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাবে। নিৰ্মাণ কৰা হৈছে বিশাল মঞ্চ, মণ্ডপ। আজি জেৰেঙা পথাৰ পৰিদৰ্শন কৰিবলৈ বিয়লি উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আজি জেৰেঙা পথাৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উপস্থিত হ'বহি ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু প্রায় কুৰিজন বিধায়ক।
উল্লেখযোগ্য যে, ২৩ জানুৱাৰীত ৰাজ্যৰ এক লাখ লোকক প্ৰধানমন্ত্ৰীগৰাকীয়ে মাটিৰ পট্টা প্ৰদানৰ শুভাৰম্ভ কৰিব। বিধান সভা নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰত আহি উপস্থিত হ’বলগা প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উঠি–পৰি লাগিছে ৰাজ্য চৰকাৰ আৰু শাসকীয় দলটো। সম্প্ৰতি তিনিখন জিলাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া–কৰ্মচাৰীসকলে দিনে নিশাই কাম কৰা পৰিলক্ষিত হৈছে। প্ৰায় প্ৰতিটো দিনে প্ৰস্তুতিৰ তদাৰক কৰিছে যোৰহাট লোকসভাৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তপন কুমাৰ গগৈয়ে। তদাৰক কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক কুশল দুৱৰী, নৱনিতা সন্দিকৈয়ে।
বিশাল জনসভাৰ বাবে ৰাজ্যিক বিজেপিৰ নেতা বিতোপন ৰাইদঙীয়া, ভবেন্দ্ৰ নাথ মহন, ময়ূৰ বৰগোহাঁই, প্ৰহ্লাদ গোৱালা আদিয়ে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, সাধাৰণ সম্পাদক প্ৰাঞ্জল কটকী আদিয়েও জিলাখনৰ প্ৰতিটো বুথত সভা–সমিতি অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সেইদিনা ৰাজ্যৰ এক লাখ লোকক দিব লগা মাটিৰ পট্টা দিয়া কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|