অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশেষ বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মোদীক উষ্ম আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত আৰু বহু দলীয় নেতাই।
বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে কোকৰাঝাৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী। কোকৰাঝাৰত মোদীয়ে অংশগ্ৰহণ কৰিব তৃতীয় বড়ো শান্তি চুক্তিৰ আদৰণি উৎসৱত। কোকৰাঝাৰৰ জাংখৃতাই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই আদৰণি উৎসৱ।
![]()
এই উৎসৱত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, এন ডি এফ বিৰ চাৰিওটা গোটৰ নেতা–সদস্য, এবছু নেতৃত্বৰ লগতে ৫ লক্ষাধিক লোক। কোকৰাঝাৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে ২৭ জানুৱাৰীত স্বাক্ষৰিত হৈছিল তৃতীয়খন বড়ো শান্তি চুক্তি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|