২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ‘মন কী বাত’, ভাষণত খেল’ ইণ্ডিয়াৰ প্ৰসংগ

News18 Assam | News18-Assam
Updated:January 26, 2020, 6:36 PM IST
২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ‘মন কী বাত’, ভাষণত খেল’ ইণ্ডিয়াৰ প্ৰসংগ
Source- Google

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ বৰ্ষৰ মন কী বাতত বহু কেইটা দিশত গুৰুত্বপূৰ্ণ মন্তব্য কৰে

  • Share this:
২০২০ বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ‘মন কী বাত’। দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ দিনাই দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ মন কী বাত। এক নতুন সংকল্পৰে সকলোৱে একেলগে দেশখন আগবঢ়াই নিবলৈ অগ্ৰসৰ হ’ব লাগে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বৰ্ষৰ আৰম্ভণিতে ৰাজ্য সমূহত উদযাপন কৰা বিভিন্ন উৎসৱৰ কথাও মন কী বাতত দোহাৰে। প্ৰধানমন্ত্ৰী মোদীৰ মুখত শুনা গ’ল অসমীয়াৰ মাঘ বিহুৰ কথাও।

সেইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমত খেল’ ইণ্ডিয়া সফল ভাবে সমাপ্ত হোৱাত সন্তুষ্টি ব্যক্ত কৰে। খেল’ ইণ্ডিয়াৰ চাইক্লিঙত সোণৰ পদক লাভ কৰা ডেভিদ বেকহামকো প্ৰশংসা কৰে মোদীয়ে। মোদীয়ে লগতে শেহতীয়াকৈ অসমত ৬৪৪ জন সন্ত্ৰাসবাদী মূল সুঁতিলৈ ঘূৰি অহাত সন্তোষ প্ৰকাশ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি