অসম বিধানসভা নিৰ্বাচন (Assam Assembly Election 2021)ৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কোকৰাঝাৰত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰত অসমৰ জনগণৰ কল্যাণৰ হকে কাম কৰাৰ কথা উল্লেখ কৰে মোদীয়ে। লগতে বিটিআৰ অঞ্চলৰ বিকাশৰ প্ৰতিশ্ৰুতিও দিয়ে। কংগ্ৰেছ আৰু বিৰোধী দলসমূহকো সমালোচনা কৰে মোদীয়ে।
কোকৰাঝাৰত মোদীয়ে কয়, ‘‘মই আপোনালোকৰ ঘৰৰ সদস্যৰ দৰে, সেইবাবে আপোনালোকৰ মোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। আমি একেলগে মিলি এই বিশ্বাসক অধিক শক্তিশালী কৰিম। আমি একেলগে এই অঞ্চলৰ বিকাশ কৰিম। আমি মিলিজুলি গৌৰৱশালী পৰম্পৰাক আগবঢ়াই নিম।’’
মোদীয়ে কয়, ‘‘অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত জনগণে এনডিএক আশীৰ্বাদ কৰিছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অসমে ডাবল ইঞ্জিনৰ চৰকাৰৰ বিজয়ত মোহৰ লগাইছে।’’
বড়োলেণ্ডৰ বিকাশ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজি বিটিআৰৰ বিকাশৰ নতুন আৰম্ভণি হৈছে। বড়োলেণ্ডৰ স্থায়ী বিকাশৰ বাবে আমাৰ মন্ত্ৰ হ’ল – শাস্তি, সমৃদ্ধি আৰু সুৰক্ষা।’’ মোদীয়ে কয় যে কোকৰাঝাৰত দ্ৰুতগতিত মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে। বিকাশৰ বাবে ১৫০০ কোটি টকাৰ পেকেজ দিয়া হৈছে।’’
মোদীয়ে কয় – ‘‘অসমৰ নিৰন্তৰ বিকাশৰ বাবে ডাবল ইঞ্জিনৰ চৰকাৰ অত্যন্ত প্ৰয়োজনীয়। কেন্দ্ৰতো এনডিএ চৰকাৰ, ৰাজ্যতো এনডিএ চৰকাৰ। যেতিয়া দুয়োখন চৰকাৰৰ শক্তি মিলি যায়, দ্ৰুতগতিত কাম হয়।’’
প্ৰধানমন্ত্ৰীয়ে গামোচাক অপমান কৰাৰ প্ৰসংগও নিজৰ ভাষণত উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কালি সমগ্ৰ অসমে দেখিছে কিদৰে অসমৰ চিনাকি, অসমৰ ভগ্নীসকলৰ শ্ৰমৰ প্ৰতীক গামোচাক অপমান কৰা হৈছে। অসমক ভাল পোৱা প্ৰতিজন লোকে এই ভিডিঅ’ দেখি আঘাত পাইছে, খঙত আছে। এই অপমানৰ শাস্তি কংগ্ৰেছ মহাজোঁটে পাবই।’’
মোদীয়ে কয়, ‘‘কংগ্ৰেছে এক ‘মহাঝুঠ’ বনাই পুনৰ এবাৰ কোকৰাঝাৰৰ লগতে সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনক ঠগিবলৈ ওলাই আহিছে। যি দলৰ নেতাই কোকৰাঝাৰক হিংসাৰ জুইত জাপি দিছিল, আজি কংগ্ৰেছে নিজৰ হাত আৰু নিজৰ ভাগ্য তেওঁলোকক সমৰ্পিত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|