মুখ্যপৃষ্ঠা »খবৰ »অসম »প্ৰধানমন্ত্ৰীৰ মুখত ভূপেন হাজৰিকাৰ গীত, আছিল ভূপেন হাজৰিকাৰ সৈতে ওচৰৰ সম্পৰ্ক

প্ৰধানমন্ত্ৰীৰ মুখত ভূপেন হাজৰিকাৰ গীত, আছিল ভূপেন হাজৰিকাৰ সৈতে ওচৰৰ সম্পৰ্ক

বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত  শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হ’ল বিশাল জনসভা

বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত  শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হ’ল বিশাল জনসভা

বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত  শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হ’ল বিশাল জনসভা

  • Share this:
বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হ’ল বিশাল জনসভা। জনসভাত NDFBৰ চাৰিওটা গোটৰ সদস্য, BTC প্ৰশাসনৰ মুৰব্বী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰৰ বহু মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে।

সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত শুনা গ’ল ভূপেন হাজৰিকাৰ প্ৰসংগ। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আছিল ওচৰৰ সম্পৰ্ক। বিজেপিৰ কাৰ্যকৰ্তা হিচাপে অসমলৈ আহোতে প্ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুনিছিল ভূপেন হাজৰিকাৰ গীত। আনকি ভূপেন হাজৰিকাক দুই এবাৰ ওচৰৰ পৰা পোৱাৰ সৌভাগ্যও হৈছিল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ আছিল ওচৰৰ সম্পৰ্ক। গুজৰাটৰ জোঁৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ মুখত অসমীয়াৰ লগতে শুনা যায় গুজৰাটী ভাষাও। সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাৰ এটি গীতৰ কিছু অংশও গোৱাৰ চেষ্টা কৰে।

শেহতীয়া বাতৰি