মোদী কেবিনেটে অনুমোদন জনালে NPRত, ৮৫০০ কোটি টকাৰ বাজেট ধাৰ্য

News18 Assam | News18-Assam
Updated:December 24, 2019, 5:33 PM IST
মোদী কেবিনেটে অনুমোদন জনালে NPRত, ৮৫০০ কোটি টকাৰ বাজেট ধাৰ্য
২০২০ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব NPRৰ প্ৰক্ৰিয়া। অসমত বাদে দেশৰ বাকী ৰাজ্যত হ’ব NPR। অসমত NRC থকা বাবে নহয় NPR।

২০২০ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব NPRৰ প্ৰক্ৰিয়া। অসমত বাদে দেশৰ বাকী ৰাজ্যত হ’ব NPR। অসমত NRC থকা বাবে নহয় NPR।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ চলি থকা প্ৰতিবাদ–আন্দোলনৰ মাজতে মোদী চৰকাৰে এতিয়া আনিব National Population Register (NPR)। আজি দুই ঘণ্টাজোৰা বৈঠকৰ অন্তত NPRত অনুমোদন জনায় মোদী কেবিনেটে। কেবিনেটে NPR উন্নীতকৰণৰ বাবে ৮,৫০০ টকা ধাৰ্য কৰিছে বুলিও সূত্ৰত প্ৰকাশ। ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব NPRৰ প্ৰক্ৰিয়া। অসমত বাদে দেশৰ বাকী ৰাজ্যত হ’ব NPR। অসমত NRC থকা বাবে নহয় NPR।

বৈঠকৰ অন্তত মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কয় যে NPRৰ বাবে কোনো কাগজ বা প্ৰমাণ দেখুওৱাৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ বায়’মেট্ৰিক তথ্যৰো প্ৰয়োজন নাই। ইয়াৰ বাবে চৰকাৰী কৰ্মচাৰী ঘৰলৈ আহিব। প্ৰতিখন ৰাজ্যই ইয়াৰ বাবে অনুমতি প্ৰদান কৰা বুলিও মন্তব্য কৰে জাভড়েকাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি