• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন, দেশজুৰি ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পাতিব বিজেপিয়ে

১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন, দেশজুৰি ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পাতিব বিজেপিয়ে

১৭ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে প্ৰায় ৪২লাখ বিজেপি সদস্যই ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি। ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত আগবঢ়াব নৈবেদ্য।

১৭ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে প্ৰায় ৪২লাখ বিজেপি সদস্যই ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি। ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত আগবঢ়াব নৈবেদ্য।

১৭ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে প্ৰায় ৪২লাখ বিজেপি সদস্যই ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি। ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত আগবঢ়াব নৈবেদ্য।

  • Share this:
১৭ছেপ্তেম্বৰত ৭১বছৰীয়া হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশজুৰি বিজেপিয়ে ২০দিনজোৰ কাৰ্যসূচীৰে পালন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ৷ অসম প্ৰদেশ বিজেপিয়েও লৈছে বিস্তৃত কাৰ্যসূচী ৷ এই সন্দৰ্ভত সোমবাৰে ৰাজ্যিক বিজেপিয়ে এখন সংবাদমেল সম্বোধন কৰে।

সেৱা আৰু সমৰ্পণ নীতিৰে উদযাপিত হ'ব মোদীৰ জন্মদিন। কেক কাটি বা আন আড়ম্বৰতাৰে বিজেপিয়ে পালন নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক ওপজা দিন ৷ দেশজুৰি বিজেপিয়ে মোদীৰ জন্মদিন পালন কৰিব ব্যতিক্ৰমী ৰূপত ৷ অসম প্ৰদেশ বিজেপিয়ে লৈছে ২০দিনীয়া কাৰ্যসূচী ৷ ১৭ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে প্ৰায় ৪২লাখ বিজেপি সদস্যই ঘৰে ঘৰে প্ৰজ্বলন কৰিব বন্তি। ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত আগবঢ়াব নৈবেদ্য। যদিহে কোনো বুথৰ অন্তৰ্গত মছজিদ, গীৰ্জা আছে তাতো যদি কোনোবাই মম জ্বলাব খোজে তাৰ অনুমতি দিছে দলীয় নেতৃত্বই ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু জীৱন কামনা কৰি অসমৰ পৰা ১০লাখ প’ষ্টকাৰ্ড প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন যাতে সেৱাৰ বাবে উৎসৰ্গিত হয় তাৰ বাবে নিৰ্ধাৰিত ২০দিনীয়া জন্মদিন কাৰ্যসূচীৰ ভিতৰত ৫ হাজাৰ যুৱকে কৰিব জিলা সদৰ সমূহত ৰক্তদান ৷ ইয়াত আগভাগ ল'ব দলটোৰ অন্যতম শক্তি যুৱ মৰ্চাই ৷ ইয়াৰ মাজতে দিব্যাংগ সকলক প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী দিব বিজেপিয়ে ৷ গাৱেঁ গাঁৱে গৈ মহিলাক আইৰণ টেবলেট, নিউট্ৰিছন আদি প্ৰদান কৰিব অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাই ৷ যাৰ বাবে তৎপৰতা বৃদ্ধি আঙুৰলতা ডেকাকে ধৰি মহিলা মৰ্চাৰ বিষয়ববীয়াৰ ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিনত অসম প্ৰদেশ বিজেপিয়ে প্লাষ্টিক মুক্ত কৰিবৰ বাবে ৭১টা জলাশয়,পুখুৰী তথা মৃতপ্ৰায় নদী কৰিব পৰিষ্কাৰ। কেৱল ইমানেই নহয় ১৭ ছেপ্তম্বৰত বিশ্বকৰ্মা পূজা হৈ যোৱাৰ পিছত অলাই আথানি হোৱা প্ৰতীমা সমূহ বিসৰ্জনৰো ব্যৱস্থা কৰিব বিজেপিয়ে ৷ বিজেপিৰ এই সকলোবোৰ কাৰ্যসূচীত ভাগ ল'ব দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা বুথৰ সদস্যলৈকে ৷ সোমবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰিলে দলটোৰ উপসভাপতি জয়ন্ত কুমাৰ দাস আৰু মুখপাত্ৰ কিশোৰ উপাধ্যায়ে ৷
Published by:Himangshu Bhuyan
First published: