মুখ্যপৃষ্ঠা » খবৰ

» অসম

»PM Narendra Modi's Birth Day : ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন, ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত চাকি জ্বলাই মোদীৰ দীৰ্ঘায়ু কামনা

PM Narendra Modi's Birth Day : ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন, ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত চাকি জ্বলাই মোদীৰ দীৰ্ঘায়ু কামনা

News18 Assam | News18-Assam
Updated:September 17, 2021, 10:13 PM IST
PM Narendra Modi's Birth Day : ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন, ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত চাকি জ্বলাই মোদীৰ দীৰ্ঘায়ু কামনা
বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা (Pabitra Margherita)ৰ লগতে দলীয় নেতা-কৰ্মীয়ে ৰঙিয়াৰ তৰণী হৰি মন্দিৰত চাকি জ্বলোৱাৰ লগতে নৈবেদ্য আগবঢ়ায় ।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা (Pabitra Margherita)ৰ লগতে দলীয় নেতা-কৰ্মীয়ে ৰঙিয়াৰ তৰণী হৰি মন্দিৰত চাকি জ্বলোৱাৰ লগতে নৈবেদ্য আগবঢ়ায় ।

  • News18 Assam
  • Last Updated: September 17, 2021, 10:13 PM IST
  • Share this:
ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন (PM Narendra Modi's Birth Day) পালন । ৰঙিয়া (Rangia)ৰ ঐতিহ্যমণ্ডিত তৰণী হৰি মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আয়তিসকলে কৰে নাম প্ৰসংগ ।

বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে মোদীৰ ওপজা দিন উদযাপন কৰা হয়। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা (Pabitra Margherita)ৰ লগতে দলীয় নেতা-কৰ্মীয়ে হৰি মন্দিৰত চাকি জ্বলোৱাৰ লগতে নৈবেদ্য আগবঢ়ায় । এই কাৰ্যসূচীত স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনটো সেৱা আৰু সমৰ্পণ অভিযান হিচাপে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো এনেদৰে পালন কৰা হয় ।

মোদীৰ জন্মদিন উপলক্ষে বিজেপিয়ে ২০ দিনীয়া কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত বিৰোধী দল কংগ্ৰেছে সমালোচনা কৰাকলৈ পবিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কংগ্ৰেছৰ দৰে কেক কাটি , নাচ-গান কৰি, বেলুন ফুটাই জন্মদিন পালন কৰাৰ দৰে পৰম্পৰা বিজেপি দলত নাই । মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে সনাতন ধৰ্মৰ নিয়মেৰে ৰাইজে এই দিনটো পালন কৰে বুলি পবিত্র মাৰ্ঘেৰিটাই উল্লেখ কৰে ।
Published by: Manjumoni Borah
First published: September 17, 2021, 10:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি