
প্ৰধানমন্ত্ৰী মোদীৰ সলনি ‘খেলো ইণ্ডিয়া য়ুথ গেম্ছ’ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
প্ৰধানমন্ত্ৰী মোদীৰ সলনি ‘খেলো ইণ্ডিয়া য়ুথ গেম্ছ’ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেম্ছৰ কাৰ্যসূচী বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১০ জানুৱাৰীত ‘খেলো ইণ্ডিয়া’ উদ্বোধন কৰাৰ কথা আছিল মোদীয়ে। কিন্তু অৱশেষত মোদীৰ এই ভ্ৰমণসূচী বাতিল কৰা হয়।
প্ৰধানমন্ত্ৰী মোদীৰ সলনি ‘খেলো ইণ্ডিয়া য়ুথ গেম্ছ’ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।
উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত অব্যাহত আছে দল–সংগঠনৰ প্ৰতিবাদ। মোদীৰ অসম ভ্ৰমণৰ সময়তো আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলি হুংকাৰ দিছিল দল–সংগঠনসমূহে। জুবিন গাৰ্গেও মোদীৰ ভ্ৰমণৰ সময়ত বিমানবন্দৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰিছিল।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|