প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত উগ্ৰতাৰা দেৱালয়ত আয়োজন কৰে পূজা-অৰ্চনাৰ ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মৃগেণ শৰণীয়াকে আদি কৰি দলৰ বহু কাৰ্যকৰ্তা ৷
অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়,"বৃহস্পতিবাৰে পঞ্জাৱত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি ভয়াৱহ গাফিলতি কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনলৈ শংকা নমাই অনাৰ দৰে ঘোৰ অপৰাধ সংঘটিত কৰিলে সেয়া অতিকৈ নিন্দনীয় ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি দেখুওৱা এনে জঘন্য তথা অমানৱীয় আচৰণ দেশৰ কোনো নাগৰিকে সহজভাৱে মানি নলয় ৷ কংগ্ৰেছ চৰকাৰখনৰ এই ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ কংগ্ৰেছৰ এই নিকৃষ্ট মানসিকতাক আমি সকলোৱে একেমুখে ধিক্কাৰ জনাইছো ৷ কংগ্ৰেছ আদিৰ দৰে অপশক্তিৰ ষড়যন্ত্ৰৰ কৱলৰ পৰা যাতে দেশৰ সৰ্বকালৰ সৰ্বজনপ্ৰিয় নেতাজন সুৰক্ষিত থাকক আৰু তেখেতৰ শতবৰ্ষীয় জীৱন কামনা কৰিয়েই এই পূজা-অৰ্চনাৰ অনুষ্ঠান আয়োজন কৰা হৈছে ৷"
সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ই কয় যে, বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা সকলে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নিৰ্দেশত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে তাক অসমৰ জনতাই একেমুখে গৰিহণা দিছে ৷ বিৰোধীৰ এনে ষড়যন্ত্ৰক বাৰে বাৰে প্ৰতিহত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ ৰাজনীতিত এক উজ্জ্বল ভোটা তৰা হৈ জিলিক থাকিব ৷"
উল্লেখ্য যে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ জিলা সমিতিৰ উদ্যোগতে ঐতিহ্যমণ্ডিত দেৱাল, মঠ, মন্দিৰ আদি ধৰ্মীয় স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু কামনা কৰি মহা মৃত্যুঞ্জয় যজ্ঞ পূজা-অৰ্চনাৰ আয়োজন কৰা দেখা গ'ল ৷ আনহাতে ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত প্ৰতিখন জিলা সমিতিয়ে কংগ্ৰেছৰ অপকৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজ্যৰ ভিন ভিন স্থানত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|