‘মহাত্মা গান্ধী অমৰ ৰহ্যে অমৰ ৰহ্যে’– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নতুন শ্ল’গান

News18 Assam | News18-Assam
Updated:February 7, 2020, 6:43 PM IST
‘মহাত্মা গান্ধী অমৰ ৰহ্যে অমৰ ৰহ্যে’– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত নতুন শ্ল’গান
কোকৰাঝাৰত লক্ষাধিক জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ

কোকৰাঝাৰত লক্ষাধিক জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ

  • Share this:
বড়ো শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত শুকুৰবাৰে কোকৰাঝাৰত প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাবলৈ আয়োজন কৰা হ’ল বিশাল জনসভা। জনসভাত সমাগম হোৱা লক্ষাধিক লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ। ভষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুকেইটা গুৰুত্ব পূৰ্ণ মন্তব্য কৰে।

সম্পাদিত হোৱা বড়ো শান্তি চুক্তিয়ে সমগ্ৰ ৰাজ্যখনৰ উন্নয়নত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে। সেইদৰে  অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে কৰে গুৰুত্বপূৰ্ণ মন্তব্য।

কোকৰাঝাৰত হোৱা প্ৰধানমন্ত্ৰীৰ জনসভাত আজি শুনিবলৈ পোৱা গ’ল এক নতুন শ্ল’গান। প্ৰতিখন জনসভাতে  ‘ভাৰত মাতা কি জয়’ কোৱা প্ৰধানমন্ত্ৰীৰ মুখত শুনা গ’ল নতুন শ্ল’গান– ‘মহাত্মা গান্ধী অমৰ ৰহ্যে অমৰ ৰহ্যে’

প্ৰধানমন্ত্ৰী মোদীৰ মুখত শুনা এই বিশেষ শ্ল’গানে দেশৰ ৰাজনীতিত কি ধৰণৰ প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি