ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীক সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া বহুপ্ৰত্যাশিত দলংখনৰ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেল মাধ্যমেৰে আধাৰশিলা স্থাপন কৰিব৷ ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত সুগম কৰি তুলিব৷
দেশৰ দীৰ্ঘতম নদী দলং হিচাপে পৰিগণিত হ'বলগীয়া দলংখনৰ আধাৰশিলা স্থাপন উপলক্ষে সেইদিনা ধুবুৰীৰ আদাবাৰীত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে৷
ৰাজ্য চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী এই অনুষ্ঠানত উপস্থিত থাকিব৷ অনুষ্ঠানত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে ধুবুৰী জিলা প্ৰশাসনে৷ জাপানৰ 'জাইকা'ৰ ঋণেৰে নিৰ্মাণ কৰা হ'ব দলংখন৷ আগষ্ট মাহত নিবিদাৰ যোগেদি উক্ত দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান 'এল এণ্ড টি'য়ে৷ উল্লেখযোগ্য যে প্ৰায় ৪০০০ কোটি টকাৰে নিৰ্মাণ হ’ব লগা উক্ত দলংখন এছিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ নৈ দলং হিচাপে পৰিগণিত হ’ব। উক্ত দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম কাজৰ লগতে ৰাজ্য চৰকাৰে লেণ্ড কমপেনছেচনৰ কামো ইতিমধ্যে সমাপ্ত কৰিছে বুলি জানিব পৰা গৈছে।
আনহতে, নিৰ্মাণকাৰী সংস্থা 'এল এণ্ড টি'য়ে ইতিমধ্যে দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ লগতে দলংখনৰ পিলাৰ স্থাপন কৰিবলগীয়া অংশৰ পৰীক্ষা–নিৰীক্ষা বিগত প্ৰায় এমাহৰ পৰা আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ভাৰত–বাংলাদেশ সীমান্তৱৰ্তী অসম-মেঘালয়ৰ আৰ্থ সামাজিক উন্নতিৰ ক্ষেত্ৰত ধুবুৰী-ফুলবাৰী দলংখনে এক বৃহৎ ভূমিকা পালন কৰিব বুলি বহুতেই মত পোষণ কৰিছে।
ইপিনে ধুবুৰী-ফুলবাৰী দলং সংযোগকাৰী অসমৰ শ্ৰীৰামপুৰৰ পৰা মেঘালয়ৰ নংস্টেনলৈ 127B এক নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্প চৰকাৰে পূৰ্বেই গ্ৰহণ কৰিছে। তেনেক্ষেত্ৰত ধুবুৰী-ফুলবাৰী দলঙে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগত মেঘালয়ৰ লগতে অসমৰ বৰাক ভেলী আৰু ত্ৰিপুৰাৰ দূৰত্ব কমাই আনিবলৈ সক্ষম হ’ব।
Published by: Sanjay Kumar Das
First published: February 17, 2021, 12:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|