মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid-19: উত্তৰ-পূবৰ Covid পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ, হিমন্ত বিশ্ব শৰ্মাসহ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কাইলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক...

Covid-19: উত্তৰ-পূবৰ Covid পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ, হিমন্ত বিশ্ব শৰ্মাসহ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কাইলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক...

Kokil Sarma | News18-Assam
Updated:July 12, 2021, 6:58 PM IST
Covid-19: উত্তৰ-পূবৰ Covid পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰ, হিমন্ত বিশ্ব শৰ্মাসহ ৮ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে কাইলৈ প্ৰধানমন্ত্ৰীৰ বৈঠক...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মঙলবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৮ জন মুখ্যমন্ত্ৰীৰ সৈতে ক'ৰোনাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব। বৈঠকত অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) মঙলবাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৮ জন মুখ্যমন্ত্ৰীৰ সৈতে ক'ৰোনাৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব। বৈঠকত অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। বৈঠকখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হ'ব। দৰাচলতে, দেশখনত ক'ৰোনাৰ প্ৰভাৱ কিছু পৰিমাণে কমি থকাৰ সময়ত, উত্তৰ-পূবৰ ৰাজ্যসমূহ আৰু কেৰালা, উৰিষ্যাৰ পৰিস্থিতিক লৈ উদ্বেগজনক হৈ পৰিছে কেন্দ্ৰ।

শেহতীয়াকৈ, স্বাস্থ্য মন্ত্ৰালয়ে ৮ খন ৰাজ্যক সতৰ্ক কৰি চিঠি লিখিছিল। কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্যসমূহক ক'ৰোনাৰ বিৰুদ্ধে শিথিল নহ'বলৈ স্পষ্ট নিৰ্দেশনা দিছে আৰু দ্ৰুত পদক্ষেপ লোৱাৰ কথা কৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহলৈ লিখা এখন পত্ৰত আহ্বান জনাইছে যে কেৱল ক'ৰোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাই নহয়, এইবোৰ সম্পৰ্কীয় তথ্য কেন্দ্ৰৰ সৈতেও ভাগ বতৰা কৰিব লাগে। উচ্চ সংক্ৰমণৰ হাৰ থকা ৰাজ্যবোৰ হৈছে অৰুণাচল প্ৰদেশ, মণিপুৰ, কেৰালা, অসম, মেঘালয়, উৰিষ্যা, ত্ৰিপুৰা আৰু ছিকিম।

উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰভাৱ

দেশত ক'ৰোনাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ পশ্চিমৰ পৰা পূবলৈ বুলি কোৱা হৈছে। বৰ্তমান দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত ইয়াৰ শক্তিশালী প্ৰভাৱ আছে। একে ধৰণে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ক'ৰোনাৰ বিষয়ে অৱগত হ'বলৈ কোৱা হৈছে। দেশলৈ অক্সিজেন যোগান ধৰি খ্যাতি অৰ্জন কৰা উৰিষ্যাতো বৰ্তমান সংক্ৰমণৰ হাৰ উচ্চ।
Published by: Kokil Sarma
First published: July 12, 2021, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি