ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছয়খনকৈ নিৰ্বাচনী সভাত ল’ব ভাগ

News18 Assam | News18-Assam
Updated:March 10, 2021, 10:29 AM IST
ছিপাঝাৰত পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ছয়খনকৈ নিৰ্বাচনী সভাত ল’ব ভাগ
মঙলবাৰে ছিপাঝাৰ সমষ্টিৰ ঐতিহাসিক খটৰা সত্ৰৰ পেক্ষাগৃহত দলীয় কৰ্মীসকলৰ এক সভাত অংশগ্ৰহণ কৰি শইকীয়াই আৰু কয় যে দৰঙৰ সুসন্তান পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোৰ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পৰা এজন যোগ্য ব্যক্তি।

মঙলবাৰে ছিপাঝাৰ সমষ্টিৰ ঐতিহাসিক খটৰা সত্ৰৰ পেক্ষাগৃহত দলীয় কৰ্মীসকলৰ এক সভাত অংশগ্ৰহণ কৰি শইকীয়াই আৰু কয় যে দৰঙৰ সুসন্তান পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোৰ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পৰা এজন যোগ্য ব্যক্তি।

  • Share this:
ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ। তুংগত উঠিছে প্ৰচাৰ অভিযান। তেনে সময়তে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মন্তব্য, "ছিপাঝাৰত BJP প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে ছয়খনকৈ নিৰ্বাচনী সভাত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।"

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিত অগপ, বিজেপি আৰু ইউপিপিএলৰ মিত্ৰদলৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশী বিপুল ভোটত বিজয়ী হ’ব বুলি দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ।

মঙলবাৰে ছিপাঝাৰ সমষ্টিৰ ঐতিহাসিক খটৰা সত্ৰৰ পেক্ষাগৃহত দলীয় কৰ্মীসকলৰ এক সভাত অংশগ্ৰহণ কৰি শইকীয়াই আৰু কয় যে দৰঙৰ সুসন্তান পৰমানন্দ ৰাজবংশীয়ে সমষ্টিটোৰ ৰাইজৰ আশা–আকাংক্ষা পূৰণ কৰিব পৰা এজন যোগ্য ব্যক্তি। তেওঁক সকলোৱে সহায়–সহযোগিতা আগবঢ়াব লাগে।

প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই টিকট নোপোৱাৰ ক্ষোভ এতিয়া নাই বুলি কৈ অসম মাতৃৰ স্বাৰ্থত, ভাৰত মাতৃৰ স্বাৰ্থত বিজেপিৰ সকলো দলীয় কৰ্মকতাই আজি বিজেপিৰ হৈ একত্ৰিতভাৱে কাম কৰিছে বুলি কয় শইকীয়াই। ইফালে তেওঁ কংগ্ৰেছ আৰু এআইএইউডিএফৰ মহাজোঁট অসমৰ বাবে বিপদজ্জনক বুলি কয়। এইবেলি নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটে ৩৫খনৰ ওপৰত আসন লাভ নকৰে বুলিও কয় সাংসদগৰাকীয়ে।

ৰাইজৰ দল আৰু অজাপ কংগ্ৰেছৰ বি টীম হিচাপে কাম কৰি আছে বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই। আনহাতে প্ৰাৰ্থী ৰাজবংশীৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিপাঝাৰলৈ অহা ২৩ অথবা ২৪ মাৰ্চত আহিব বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে।আনফালে, বিজেপিৰ প্ৰাৰ্থী ড০ পৰমানন্দ ৰাজবংশীয়ে কয়, পুনৰ ১৯৮৫ চনৰ নিৰ্বাচনৰ পৰিৱেশ যেন লাগিছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে।
Published by: Sanjay Kumar Das
First published: March 10, 2021, 10:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি