সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বুধবাৰে পুৱা ৩টাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। পুৱা অহা ৰিখটাৰ স্কেলত ৬.৭ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পৰ ফলত শোণিতপুৰ জিলা, গৱাহাটী মহানগৰ আৰু নগাওঁ জিলাত সৰ্বাধিক ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।
কোৰোণাত এনে সংকটকালৰ মাজত প্ৰকৃতিৰ এই ৰুষ্ট ৰূপ দেখি আতংকিত হৈ পৰিছে ৰাজ্যবাসী। ৰাজ্যৰ এনে বিপদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কৰি ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত বুজ লয়। লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: April 28, 2021, 10:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|