'দিনবোৰ সকলোৰে ভাল হওক'- অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰিলে সতী জয়মতীৰ ত্যাগক

প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰি এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্ৱোধন কৰি এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
- News18 Assam
- Last Updated: January 23, 2021, 11:50 AM IST
অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায়। সভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে সতী জয়মতীৰ ত্যাগকো।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, যোৱা কিছু বছৰত মই অসমৰ বিভিন্ন ঠাইলৈ গৈছো। উন্নয়নমূলক কামৰ লগতে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত বহুলোকৰ সৈতে আলোচনা কৰিছো। যোৱা বছৰ ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰলৈ গৈছিলো। অসমলৈ আহিলেই মই মনত এক অনন্য শান্তি লাভ কৰো।'