মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমলৈ প্ৰধানমন্ত্ৰী মোদী, ঠায়ে ঠায়ে উত্তাল প্ৰতিবাদ, চাৰিখন জিলাত ১৪৪ ধাৰা জাৰি

অসমলৈ প্ৰধানমন্ত্ৰী মোদী, ঠায়ে ঠায়ে উত্তাল প্ৰতিবাদ, চাৰিখন জিলাত ১৪৪ ধাৰা জাৰি

আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা।

আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা।

আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা।

  • Share this:
আজি শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা। ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষাধিক লোকক সম্বোধন কৰাৰ লগতে এক চৰকাৰী কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব ৷

কিন্তু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন জাতীয় দল-সংগঠনে। শুকুৰবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে জোৰ লৈ সমদল কৰিছিল। এতিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য়ৰ ৪ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা, নগাওঁ, চৰাইদেউ আৰু যোৰহাটত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

শেহতীয়া বাতৰি