১৯জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন (Parliament Session) অনুষ্ঠিত হ’ব । সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ অতি কমেও ১৫দিনৰ পূৰ্বে নতুন মন্ত্রীয়ে দায়িত্ব লোৱাৰ সম্ভাৱনা ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Narendra Modi)য়ে আহ্বান জনোৱা কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ বৈঠক সমাপ্ত । প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ বৈঠক সমাপ্ত । ৪বজাৰ পৰা আৰম্ভ হোৱা ভাৰ্ছুৱেল (virtual) বৈঠক ৯বজালৈ ৫ঘণ্টা ধৰি চলিল । মোদীৰ কাৰ্যকালৰ এইখন অন্যতম দীঘলীয়া মন্ত্ৰীমণ্ডলৰ বৈঠক ।
এই বৈঠকে মন্ত্ৰী সভাৰ সম্প্ৰসাৰণ (Ministry Expansion)ৰ পথ প্ৰশস্ত কৰিছে বুলি সূত্ৰত প্ৰকাশ । প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ নামো চৰ্চাত আছে । তেওঁ আজি দিল্লীলৈ উৰা মাৰিছে বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা (Himanta Biswa Sarma)ও কাইলৈ দিল্লীলৈ উৰা মৰাৰ সম্ভাৱনা আছে।
১৯জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন (Parliament Session) অনুষ্ঠিত হ’ব । সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ অতি কমেও ১৫দিনৰ পূৰ্বে নতুন মন্ত্রীয়ে দায়িত্ব লোৱাৰ সম্ভাৱনা ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|